মেধা পৰীক্ষাত অসমৰত অষ্টম স্থান লাভ নালন্দা পাব্লিক স্কুলৰ ছাত্ৰী কৰিস্মা কাশ্যপৰ

student

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

হিউমেন ৰিছাৰ্চ ডেভলপমেণ্ট ইনষ্টিটিউটৰ অধীনত সমগ্ৰ ৰাজ্যজুৰি অনুস্থিত মেধা পৰীক্ষাত নলবাৰী জিলাৰ নালন্দা পাব্লিক স্কুল, বাহাৰঘাটৰ ক্লাছ থ্ৰিৰ ছাত্ৰী কৰিশ্মা কাশ্যপে অসমৰ ভিতৰত অষ্টম স্থান লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ উল্লেখ্য যে প্ৰতিষ্ঠানটোৰ অধীনত যোৱা ২ জুনত জিলাখনৰ  বৰভাগ আঞ্চলিক এম ই স্কুলত অনুস্থিত মেধা পৰীক্ষাত শিক্ষা প্ৰতিষ্ঠানখনৰ আন কেইবাগৰাকীও ছাত্ৰছাত্ৰীৰ লগতে অঞ্চলটোৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ বহুতো পৰীক্ষাৰ্থী অবতীৰ্ণ হৈছিল৷ কৰিশ্মা বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰশিমলুৱা গাওঁ নিবাসী অনন্ত দাস আৰু দিপালী দাসৰ কন্যা৷ তেওঁৰ সাফল্যত শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অভিভাৱক-অভিভাবিকাসকলৰ মাজত উৎসাহৰ সৃষ্টি হৈছে।

Your Comments