নগাঁৱত ড্ৰাগছৰ ৰমৰমীয়া বেহা: জড়িত সম্ভ্ৰান্ত ঘৰৰ যুৱক

drug

নগাঁৱৰ পৰা ৱাহিদুদ জামান

নিষিদ্ধ ড্ৰাগছেই এতিয়া জ্বলন্ত সমস্যা হৈ পৰিছে নগাঁওবাসীৰ  বাবে। নগাঁও আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি চহৰ খনৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী কেতবোৰ অঞ্চলত একাংশ ড্ৰাগছ মাফিয়াই অবাধে চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। চহৰ খনত নিষিদ্ধ ড্ৰাগছ অতি সূলভ হৈ পৰাত ইয়াৰ কৱলত পৰি যুৱ প্ৰজন্মৰ একাংশই তিলতিলকৈ মৃত্যুৰ মুখলৈ গতি কৰা পৰিলক্ষিত হৈছে। তাৰোপৰি ড্ৰাগছৰ বাবেই চহৰখনত বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপো। আনহাতে ড্ৰাগছৰ কৱলত পৰি চহৰখনৰ কে'বাজনো যুৱকে ইতিমধ্যেই অকাল মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। নগাঁও আৰক্ষীয়ে চহৰখনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি ইতিপূৰ্বে কেবাজনো কুখ্যাত ড্ৰাগছ মাফিয়া,  ড্ৰাগছ সৰবৰাহকাৰী,  ড্ৰাগছৰ বিক্ৰেতাক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছো জব্দ কৰিছে যদিও এই ড্ৰাগছ ব্যৱসায়ক সম্পূৰ্ণৰূপে উৎখাত কৰাত মুঠেও সফল হ'ব পৰা নাই। স্মৰ্তব্য যে,  নগাঁৱত ড্ৰাগছৰ মাফিয়াসকলে ড্ৰাগছৰ সৰবৰাহ আৰু বিক্ৰীৰ ক্ষেত্ৰত একাংশ মহিলাক নিয়োজিত কৰিছে। নগাঁও আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত কেইবাগৰাকীও মহিলাক গ্ৰেপ্তাৰ কৰিছে।

 ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে আজিও পুৱতি নিশা প্ৰায় দুই বজাত নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ জ্যোতি মহন্তৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই চহৰখনৰ মৰিকলং বাছষ্টেণ্ডৰ সমীপৰ পৰা চাব্বিৰ আহমেদ নামৰ এজন এজন ড্ৰাগছ ব্যৱসায়ীক তেওঁৰ দুই সতীৰ্থ ক্ৰমে বিহাৰী কুমাৰ সাহা আৰু নিজাম হুছেইনকো গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে চাব্বিৰৰ ঘৰত তালাচী চলাই ৬৬টা ব্ৰাউনছুগাৰ ভৰ্তি কন্টেনাৰ আৰু ৬৩টা খালি কন্টেনাৰ জব্দ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে,  মৰিকলং বাছষ্টেণ্ডৰ সন্মূখৰ এটা ঘৰৰ নিবাসী চাব্বিৰ অকলশৰে থাকে। তেওঁৰ মাক-দেউতাক আৰু পৰিয়ালৰ আন লোক অসমৰ বাহিৰত থাকে। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চহৰখনৰ সম্ভ্ৰান্ত ঘৰৰ যুৱক চাব্বিৰে নিজা ঘৰটোতে ড্ৰাগছৰ ঘাটি পাতে। তেওঁৰ ঘৰতে গ্ৰাহকে ড্ৰাগছ ক্ৰয় কৰি তাতে সেৱন কৰাৰ সুবিধা আছে। ফলত তেওঁৰ ঘৰলৈ ড্ৰাগছ আসক্ত যুৱক-যুৱতীৰ সোঁত বৈছিল। যাৰ ফলত অঞ্চলটোৰ পৰিৱেশ বিনষ্ট হৈ পৰিছিল। ইয়াতে অতিষ্ঠ হৈ স্থানীয় ৰাইজে এই বিষয়ে আৰক্ষীক কেবাবাৰো অভিযোগ দিছিল। আৰক্ষী সূত্ৰটোৱে আৰু প্ৰকাশ কৰা অনুসৰি,  ধৃত ড্ৰাগছ ব্যৱসায়ী চাব্বিৰ এজন ড্ৰাগছ আসক্ত যুৱক। পৰিয়ালৰ লোকে তেওঁক ড্ৰাগছ আসক্তি দূৰীকৰণ কেন্দ্ৰতো ৰাখি চিকিৎসা প্ৰদান কৰিছিল যদিও সুফল নাপালে। উল্লেখ্য যে, নগাঁও আৰক্ষীয়ে যোৱা ২২ জুনতো নগাঁও চহৰৰ মৰিকলং বাহবাৰীত এক অভিযান চলাই ৯ কিলোগ্ৰাম ওজনৰ ব্ৰাউনছুগাৰ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। আনহাতে, যোৱা ২২ মে'ৰ দুপৰীয়াও নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ পম খেদি অভিযান চলাই নগাঁও চহৰৰ সমীপবৰ্তী চিলঙনী ভকতগাঁৱৰ পৰা প্ৰায় ৫ কোটি টকাৰ মূল্যৰ হেৰইন জব্দ কৰাৰ লগতে এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছিল। তাৰোপৰি, বিগত কেইবামাহ ধৰি নগাঁও আৰক্ষীয়ে অভিযান চলাই বিভিন্ন সময়ত একাংশ ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও চহৰখনৰ লগতে ইয়াৰ পাৰ্শৱৰ্তী কেতবোৰ অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা আজিও অব্যাহত আছে।

Your Comments