ধানৰ পৰা পতানসমূহ বিজেপিলৈ গ'ল- ৰিপুণ বৰা

congres

নিউজ ডেস্ক:

কংগ্ৰেছত হোৱা নাই গড়াখহনীয়া। কংগ্ৰেছৰ পৰা ধানৰ পতানবোৰহে উৰি গৈছে। দেওবাৰে ৰাজীৱ ভৱনত এখন সংবাদমেলত এইদৰে মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। সংবাদমেলখনত সম্বোধন কৰি ৰিপুণ বৰাই কয়-'আমাৰ কোনো গড়াখহনীয়া হোৱা নাই। বিজেপিত যোগদান কৰাসকলে লগত কাকোকে লৈ যাব পৰা নাই। ভুৱনেশ্বৰ কলিতাই বিজেপিৰ কেৱল কেন্দ্ৰীয় মন্ত্ৰী এজনৰ ওচৰতহে বিজেপিত যোগদান কৰিছে।' 'যিসকল বিজেপিলৈ গৈছে সেইসকল গ'ল আৰু যদি কোনোবা যায়, তেনেহলে যাব পাৰে। কংগ্ৰেছত এইবাৰ নেতৃত্ব ল'বলৈ নতুন প্ৰজন্মক সুযোগ দিয়া হ'ব। ৭০ শতাংশ দলীয় নেতৃত্বৰ দায়িত্ব দিয়া হ'ব যুৱ প্ৰজন্মক। দেওবাৰে কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে বুলিও বৰাই মন্তব্য কৰে। তেওঁ লগতে কয়-'ধানৰ পতানবোৰ কংগ্ৰেছৰ পৰা উৰি গৈছে। প্ৰকৃত ধানবোৰ কংগ্রেছতে আছে। এতিয়াও আদৰ্শবান নেতাসকল কংগ্রেছতে আছে।'

আনহাতে, সংবাদমেলখনত উপস্থিত থাকি তৰুণ গগৈয়ে কয়-'বিজেপিৰ স্বৈৰাচাৰিতাৰ পৰা ৰক্ষা কৰিব কংগ্ৰেছে। কংগ্ৰেছত গড়াখহনীয়া হোৱা নাই। আগতেও বহু নেতা বেলেগ দললৈ গৈছে। ভুৱনেশ্বৰ কলিতা এজন কৃত্ৰিম নেতা। তেওঁক আমি দেৰিকৈ হলেও বুজি পালো। তেওঁ কংগ্ৰেছৰ খাই খাই নোদোকা হৈ গৈছিল।গৌতম ৰয় আমাৰ লগত থাকোতে দুৰ্নীতিপৰায়ণ এতিয়া সত্য নাৰায়ণ বুলিও গগৈয়ে কয়। স্বাৰ্থপৰ, লুভীয়া নেতাক কংগ্ৰেছ ত্যাগ কৰিবলৈ আহ্বান জনাই গগৈয়ে কয়- 'আমি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে যুৱ প্ৰজন্মক তেওঁলোকৰ ঠাইত দায়িত্ব দিম। ভুৱনেশ্বৰ গৈছে, দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কংগ্ৰেছত যোগদান কৰিছে। আমি উৎসাহিত হৈছো।' আমি হতাশ হোৱা নাই,  কিয়নো ক্ষমতালোভীসকল বিজেপিলৈ গৈছে। আৰু দুই চাৰিজন যাব বিজেপিলৈ, সেইকেইজনো যোৱাই ভাল। বিজেপিলৈ যোৱাৰ পিছত আকৌ কংগ্ৰেছলৈ আহিব নিদিওঁ। আগতে শস্তীয়া লোভৰ বাবে আঁকোৱালি লৈছিলো,  এতিয়া নলওঁ বুলিও তেওঁ মন্তব্য কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে লগতে কয়-'কংগ্ৰেছৰ দেহৰ পৰা বেয়া তেজবোৰ ওলাই যাওঁক, তেতিয়া নতুন আৰু ভাল তেজ আহিব।'

Your Comments