বৰভাগৰ বৰশিমলুৱাত বানপীড়িতক ভৈৰব কলিতা ট্ৰাষ্টৰ বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান

barbhag

নৰেন শৰ্মা,বাহাৰঘাট :
নলবাৰী জিলাৰ বৰভাগৰ বৰশিমলুৱা গাঁৱত প্ৰয়াত ভৈৰব কলিতা ট্ৰাষ্টৰ উদ্যোগত আৰু অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ,বৰভাগ আঞ্চলিক শাখাৰ পৰিচালনাৰে আজি এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। অসমৰ বিশিষ্ট তথা অভিজ্ঞ চিকিৎসক ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈৰ নেতৃত্বত গুৱাহাটী দিছপুৰ পালিক্লিনিক নাৰ্চিং হোমৰ বিশেষজ্ঞ চিকিৎসক দল এটাই বৰভাগৰ বানপীড়িত ৰাইজক স্বাস্থ্য সেৱা প্ৰদান কৰে। ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈয়ে জনোৱামতে শিবিৰটোত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা উন্নত যন্ত্ৰ-পাতিৰে ৰোগীৰ স্বাস্থ্যৰ পৰীক্ষাৰ কৰা হয় আৰু পৰীক্ষা-নিৰীক্ষা কৰিহে ঔষধ দিয়াৰ ব্যৱস্থা কৰা হয়।baharghat2

শিবিৰটোত ডাঃ পৰাগ বৰ্মন, ডাঃ কল্যাণ নাথ, ধ্ৰুৱজ্যোতি ডেকা, নীলমনি দাস, সুমন বৰদলৈ, শ্ৰুতি বৰুৱা, অম্ৰিতাঞ্চ মিশ্ৰৰ উপৰিও কেইবাগৰাকী নাৰ্চ আৰু ফাৰ্মাচিষ্টে সহযোগ আগবঢ়ায়। শিবিৰটোৰ জৰিয়তে বৰশিমলুৱা, বৰগাছা, উত্তৰকুছি, বৰবুকীয়া আদি কেইবাখনো গাঁৱৰ প্ৰায় চাৰিশ ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয়। শিবিৰটো আনুষ্ঠানিকভাব উদ্বোধন কৰে বিশিষ্ট চিকিৎসক ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈয়ে। ইয়াৰ পূৰ্বে ট্ৰাষ্ট আৰু যুৱছাত্ৰ পৰিষদৰ ফালৰ পৰা চিকিৎসক সকলক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়।

Your Comments