জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন:
জামুগুৰিহাটৰ মৰিসুঁতিত আজি কিছু বিস্ফোৰক সামগ্ৰী বিস্ফোৰিত হৈ কিছু সময়ৰ বাবে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ স্থানীয় ৰাইজে বোমা সদৃশ কোনো সামগ্ৰী বিস্ফোৰিত হোৱাৰ কথা উল্লেখ কৰাৰ বিপৰীতে বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচনে বিস্ফোৰিত সামগ্ৰীবিধ প্ৰতিৰক্ষা বাহিনীৰ মৰ্টাৰ বুলি সদৰি কৰে ৷ যদি আৰক্ষী অধীক্ষকৰ দাবীয়েই সত্য হয় তেন্তে প্ৰতিৰক্ষা বাহিনীৰ মৰ্টাৰ কেনেদৰে জনবসতিপূৰ্ণ অঞ্চলত বিস্ফোৰিত হবলৈ পালে তাক লৈয়ে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। এই বিস্ফোৰণত ৰঘু বৰা আৰু ৰাজ কুমাৰ চেত্ৰী নামৰ দুজনলোক সামান্য পৰিমানে আহত হয় ৷ বিস্ফোৰণটোত মুখ আৰু পেটত আঘাত পাই গাওঁৰক্ষী বাহিনীৰ লোক দুজনে ৷ উল্লেখ্য যে মৰিসুঁতি বজাৰৰ পৰা কিছু নিলগৰ এটি পথৰ দাঁতিৰ জাৱৰৰ দমৰ মাজত আছিল বোমাটো আৰু তেনে অৱস্থাতেই বিস্ফোৰণটো সংঘটিত হয় ৷ পিচত আৰক্ষীয়ে জে চি বি লগাই অঞ্চলটোত অধিক বিস্ফোৰক সামগ্ৰী থকাৰ সন্দেহত সন্ধান চলাই, যদিও বিশেষ একো উদ্ধাৰ নহ'ল। ঘটনাৰ পিচতেই বিস্ফোৰণস্থলীত সেনাবাহিনীৰ লোকো উপস্থিত হয় ৷
ইফালে ১৫ আগষ্টৰ পূৰ্বে অঞ্চলটোত কূটাঘাট সৃষ্টি কৰাৰ উদ্দেশ্যৰেই বোমাটো কোনো দূস্কৃতিকাৰীয়ে সংস্থাপন কৰা বুলিও মন্তৱ্য কৰে একাংশ স্থানীয় ৰাইজে ৷
- Log in to post comments
- 36 views