ৰাহুল-ছোনিয়াৰ নাটকক লৈ কোনোবাই পিছত টিভি চিৰিয়েল বনাব পাৰিব -মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 

bjp

নিউজ ডেস্ক :

অৱশেষত অলেখ জল্পনা কল্পনাৰ অন্তত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে বৰাকৰ ৰজা খ্যাত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰৰ লগতে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিৰণ্য ভূঞাই। আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত আনুষ্ঠানিকভাৱে তিনিওজন নেতাই যোগদান কৰে দলটোত।

উল্লেখযোগ্য যে কালি প্ৰাক্তন মন্ত্রী গৌতম ৰয়, প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰে পদত্যাগ কৰিছিল কংগ্ৰেছৰ পৰা। শেহতীয়াকৈ দেওবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিৰণ্য ভূঞায়ো।  জ্যেষ্ঠ কংগ্ৰেছী তথা সদ্য প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতা আৰু সঞ্জয় সিংৰ পাছতে  বিজেপিত এতিয়া  যোগদানৰ ঢৌ  বৈছে কংগ্ৰেছীৰ। bjp2


আজিৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় "  আজি আমাৰ মাজত ভাৰতীয় জনতা পাৰ্টিত তিনি গৰাকী বিশিষ্ট ব্যক্তি, অসমৰ প্ৰাক্তন মন্ত্ৰী তথা বৰাকৰ কেইবাবাৰৰো বিধায়ক হোৱা গৌতম ৰয়, অসমৰ পৰিচিত নেতা তথা ৰাজ্য সভাৰ  প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰ , কংগ্ৰেছ দলৰ কেইটাবও পদত কাৰ্যনিৰ্বাহ কৰি অহা যুৱ নেতা হিৰণ্য ভূঞাই বিজেপিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আগ্ৰহী হৈ  আৰু  দলক সেৱা কৰাৰ কাৰণে যোগদান কৰিছে, তেওঁলোকক মই আদৰণি জনাইছোঁ। আজি দলটোত যোগদান কৰা সকলক উদ্দেশ্যি তেওঁ লগতে কয় যে এখেত সকলে নিজৰ নিজৰ সমষ্টিত "সব কা সাথ সব কা বিকাশ" শ্লোগানকে সৰোগত কৰি আগুৱাই যাব লাগিব " বুলিও তেওঁ মন্তব্য কৰে। 

গৌতম ৰয়ৰ প্ৰসংগ উল্লেখ কৰি ৰাজ্যিক সভাপতি গৰাকীয়ে একপ্ৰকাৰ প্রাক্তন মন্ত্ৰী গৰাকীক বিশেষ কৌশলেৰে সকীয়াই দি  কয় যে এসময়ৰ বৰাকৰ ৰজা এতিয়া কিন্তু এতিয়া কিন্তু বিজেপিৰ কাৰ্য্যকৰ্তা হৈহে থাকিব। আগতে কংগ্ৰেছৰ দিনত কোন কি আছিল সেইটো বেলেগ কথা কিন্তু এতিয়া আমি সকলোৱে মিলি কাম কৰিব লাগিব। bjp3


ইফালে আজিৰ যোগদান কাৰ্যসূচীত উপস্থিত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে " ভাৰতীয় জনতা পাৰ্টিত আজি তেওঁলোকে   যোগদান কৰিলে । তেওঁলোকে নিশ্চিত ভাবেই আমাৰ দলক শক্তিশালী কৰিব" । 


"ভুৱনেশ্বৰ কলিতাইয়ো কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। বিজেপিত সকলো কার্যকৰ্তা মইও কার্যকৰ্তা হিচাপে যোগদান কৰিছিলোঁ। আমাৰ যি আদৰ্শ তাত ব্যক্তি গৌণ আদৰ্শ মুখ্য। কংগ্ৰেছ দলৰ যি আচাৰ ব্যৱহাৰ আৰু পৰম্পৰা সেয়া বিজেপি দলৰ লগত আকাশ পাতলৰ পার্থক্য আছে বুলিও হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।  

তেওঁ লগতে কয় " ৰাজনীতিত ব্যক্তিগত আকাংক্ষা থাকে কিন্তু বিজেপিত আশা আকাংক্ষা গৌণ, ইয়াত আদৰ্শহে মুখ্য কথা। বিজেপি দলত নিজৰ আশা আকাংক্ষা  লুপ্ত হয় সমাজৰ আশা আকাংক্ষাহে জাগ্ৰত হয়। 

আনহাতে গান্ধী পৰিয়ালৰ কথা কৈ হিমন্ত বিশ্ব শৰ্মাই কয় যে" ৰাহুল গান্ধীৰ পদত্যাগ এখন নাটক আছিল আৰু ইয়াত গান্ধী পৰিয়ালৰ আন সদস্য সকলেও অংশগ্ৰহণ কৰিছিল। কোনোৱে যদি কংগ্ৰেছৰ সংস্কৃতি লৈ  বিজেপিলৈ আহে তেনেহলে ইয়াত চলিব নোৱাৰিব । কংগ্ৰেছৰ পৰা যদি বিজেপিত কিবা দিব আহিছে তেনেহলে কথা নাই কিন্তু যদি কিবা ল'ব আহিছে তেনেহলে ইয়াত চলিব নোৱাৰিব "। 

"কংগ্ৰেছৰ পৰা নেতা , কৰ্মী বিজেপিলৈ অহাটো নিৰন্তৰ হৈয়ে থাকিব। আৰু বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদী যি চৰিত্ৰ তাক এতিয়া কোনেও চুব নোৱাৰে। ৰাহুল গান্ধীৰ পদত্যাগৰ নাটকৰ পিছত  যোৱাকালি তেওঁৰ মাতৃ ছোনিয়া গান্ধীয়ে দায়িত্ব লৈছে,মাক-পুতেকৰ এই কাহিনীক লৈ কোনোবাই টিভি চিৰিয়েল বনাব পাৰিব" বুলিও হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। 

ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰে কয় যে " ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে মোক বিজেপি দলত যোগ দিবলৈ যি সাহস দিলে আৰু এই দলত কাম কৰিবলৈ যি সুযোগ দিলে তাৰ বাবে তেওঁক মই ধন্যবাদ জনাইছো। আজিৰ পৰা মই বিজেপি দলৰ এজন সাধাৰণ কার্যকৰ্তা । আগন্তুক দিনত সকলোৱে আমাক সহায় কৰাৰ লগতে ভুল হলে  দেখুৱাই দিবলৈয়ো অনুৰোধ কৰে। 

আনহাতে আজিৰ কাৰ্য্যসূচীত যোগদান কৰি বৰাকৰ প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে কয় " মই হিন্দুত্ববাদী মানুহ , ৯০ শতাংশ হিন্দু মানুহৰ ভোট পাই মই নিৰ্বাচনত জিকি আহিছো।  মই আগৰ পৰাই বিজেপিৰ প্ৰতি আকৃষ্ট আছিলোঁ বুলিও তেওঁ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।আনহাতে "বৰাকৰ ৰজা" অভিধা সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মই কেতিয়াও কোৱা নাই মই বৰাকৰ ৰজা বুলি।হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে মইও কওঁ  কংগ্ৰেছ আৰু বিজেপিৰ মাজত যথেষ্ট পাৰ্থক্য আছে। বিজেপিত মই নিজেই আহিছোঁ। মই যিমান পাৰোঁ সহায় কৰিম। বিজেপি আগুৱাই যাওক। 

ইফালে যুৱ নেতা হিৰণ্য ভূঞাই কয় " শ্যামা প্ৰসাদ , দিনদয়ালৰ আদৰ্শ আগত ৰাখি দলে যি দায়িত্ব আমাক দিয়ে সেয়াই মই নিষ্ঠা আৰু সততাৰে পালন কৰি যাম। 

বিজেপিত যোগদান কৰিয়েই সকলোৱে এপাক কঁকাল ভাগীও নাচি দেখুৱালে প্ৰাক্তন  মন্ত্ৰী গৌতম ৰয়ে।

Your Comments