বৰপেটাৰোডৰ জাখলিবিলত অঘটন:৩ জন শিশুৰ পানীত পৰি মৃত্যু

barpeta rd

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰৰ প্রতিবেদন :

ঈদৰ প্ৰাকক্ষণত বৰপেটাৰোডৰ নিকটৱৰ্তী জাখলিবিল পাথাৰত অঘটন সংঘটিত হৈছে ৷ একেটা পৰিয়ালৰ তিনিটাকৈ শিশুৰ সলিল সমাধি হোৱা ঘটনাই শোকৰ ছাঁ বিৰাজ কৰিছে ৷ সলিল সমাধি ঘটা শিশু তিনিটা হল তাহীনা খাতুন (৯)  ৰাফিজুল ইছলাম (৭) আৰু মাফিজা খাতুন (৭) ৷ শনিবাৰে বিয়লি বৰষুণৰ পানীত লেতেৰা হোৱা বাবে হাত ভৰি ধুই আহিবলৈ কৈছিল নিজ মাতৃয়ে ৷  ঘৰৰ পিছফালে থকা পুখুৰীত শিশু তিনিটাই হাত ভৰি ধুবলৈ যোৱাত তিনিওটি শিশু পুখুৰীত পৰি সলিল সমাধি ঘটে ৷ শিশু তিনিটা দীৰ্ঘসময় ধৰি ঘৰলৈ নহাত পৰিয়ালে বিচাৰ খোচাৰ কৰে যদিও অৱশেষত শিশু তিনিটাক পুখুৰীৰ পৰা মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰে স্থানীয় লোকে ৷ তাৰ পিছতেই শিশু তিনিটাক ততাতৈয়াকৈ বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও চিকিৎসকে তিনিওটি শিশুৰ মৃত্যু ঘটা বুলি ঘোষণা কৰে ৷ সলিল সমাধি ঘটা তাহীনা খাতুন আৰু ৰাফিজুল ইছলাম জাখলিবিল পাথাৰৰ তোতা মিঞাৰ পুত্ৰ কন্যা আৰু আনজনী শিশু সলিল সমাধি ঘটা মাফিজা খাতুন হল তোতা মিঞাৰ ককায়েক আব্দুল মোতালিবৰ কন্যা ৷ ঈদৰ এদিন পূৰ্বে একেটি পৰিয়ালৰ তিনিটাকৈ শিশুৰ সলিল সমাধি ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

Your Comments