বঙাইগাঁওঃ
বঙাইগাঁও জিলা টাইকোৱানডো সন্থাৰ সাধাৰণ সম্পাদক বিজু আহমেদক সন্থাৰ পৰা বহিস্কাৰ কৰিছে ৷ এই সন্দৰ্ভত সন্থাৰ সভাপতি অৰ্জুন চন্দ্ৰ বৰ্মনে এক প্ৰেছ বিবৃতিত উল্লেখ কৰা মতে সন্থাৰ সাধাৰণ সভাই সাধাৰণ সম্পাদক বিজু আহমেদক সংগঠন বিৰোধী কাৰ্য- কলাপৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী দিছিল ৷ কিন্তু সাধাৰণ সভাৰ উক্ত সিদ্ধান্তৰ প্ৰতি যথা সময়ত কোনো সঁহাৰি নিদিলে ৷ লগতে সংগঠন বিৰোধী কাৰ্য-কলাপ চলাই থকাত আৰু সন্থাৰ সংবিধান অৱমাননা কৰাৰ পৰিপ্ৰেক্ষিতত খেলুৱৈসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত সাধাৰণ সম্পাদক বিজু আহমেদক সদৌ বঙাইগাঁও জিলা টাইকোৱানডো সন্থাৰ পৰা বহিস্কাৰ কৰে আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে হিল্লোল নাৰায়ণ দেৱক দায়িত্ব অৰ্পণ কৰে ৷ লগতে বঙাইগাঁও চিলাৰায় ইন্দোৰ ষ্টেডিয়াম টাইকোৱানডো প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক পদৰ পৰাও বিজু আহমেদক অব্যাহতি দিছে ৷ সেয়ে খেলুৱৈসকলৰ লগতে অভিভাৱক তথা সংশ্লিষ্ট সকলোকে বহিস্কৃত সাধাৰণ সম্পাদক বিজু আহমেদৰ লগত জিলা টাইকোৱানডো খেল সংক্ৰান্তত যোগাযোগ নকৰিবলৈ সন্থাৰ সভাপতিগৰাকীয়ে আহ্বান জনাইছে ৷
- Log in to post comments
- 5 views