নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
অসম শক্তি বিতৰণ কোম্পানী লিমিটেড,নগাঁৱৰ উদ্যোগত আৰু নগাঁও জিলা বিদ্যুৎ ঠিকাদাৰ সন্থাৰ সহযোগত শুকুৰবাৰে এলানি বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নগাঁও আৰু হোজাই জিলাৰ ২৪ টা বিদ্যুৎ উপকেন্দ্ৰ আৰু ১৫ টা কাৰ্যালয়ত একে সময়তে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই উপলক্ষে নগাঁও বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্য্যালয়ত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত অংশ গ্ৰহণ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।শৰ্মাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 'এক বৃক্ষ দহ পুত্ৰ সম' আপ্তবাক্য শাৰী উল্লেখ কৰি কয়- 'বৃক্ষ মানৱ জীৱনৰ পৰম বন্ধু । বৃক্ষ থাকিলেহে আমাৰ ধৰণী সেউজ হৈ থাকিব ।'চলিত বৰ্ষতে নগাঁৱত অভিলেখসংখ্যক গছপুলি ৰোপণ কৰাৰ কথা উল্লেখ কৰি শৰ্মাই আৰু কয় যে গোলকীয় উষ্ণতাই সৃষ্টি কৰা প্ৰত্যাহ্বান দূৰ কৰিবলৈ আমি সকলোৱে প্ৰকৃতি সুৰক্ষাত গুৰুত্ব দিব লাগিব । অনুষ্ঠানত নগাঁও বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধেশ্বৰ পাঠক আৰু নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকাই বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা সম্পৰ্কে ভাষণ প্ৰদান কৰে । বিধায়ক ৰূপক শৰ্মাই এটা গছপুলি ৰোপণৰে মুকলি কৰা বৃক্ষৰোপণ কাৰ্যসূচীত বিভাগৰ সহকাৰী প্ৰবন্ধক তপন গোস্বামী, দুলাল দাসকে ধৰি বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 18 views