উত্তৰ বঙাইগাঁও শাখা ছাত্ৰ সন্থাৰ সমিতিখনক অবৈধ ঘোষণা

bgn

বঙইগাঁওঃ ১০ 

বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত উত্তৰ বঙাইগাঁও শাখা ছাত্ৰ সন্থাৰ নতুনকৈ গঠন কৰা সমিতিখন অবৈধ বুলি ঘোষণা কৰিছে বঙাইগাঁও আঞ্চলিক সমিতিয়ে ৷ এই সন্দৰ্ভত এখন প্ৰেছ বিবৃতিত বঙাইগাঁও আঞ্চিলক সমিতৰ সভাপতি কুলজিৎ ৰায় আৰু সাধাৰণ সম্পাদক জগদীশ ৰায়ে উল্লেখ কৰা মতে ২৮ জুলাইত এখন সাধাৰণ সভাৰ জৰিয়তে উত্তৰ বঙাইগাঁও শাখা ছাত্ৰ সন্থাৰ সমিতিখন গঠন কৰা হয় ৷ কিন্তু শাখা সমিতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ কোনো এজন প্ৰতিনিধি উপস্থিত নথকাকৈয়ে গঠন কৰে ৷ আছুৰ সংবিধান মতে শাখা সমিতি গঠনৰ সময়ত সংশ্লিষ্ট আঞ্চলিক সমিতিৰ প্ৰতিনিধি উপস্থিত থাকিব লাগে ৷ সেয়ে  আছুৰ সংবিধান মতে উত্তৰ বঙাইগাঁও শাখা ছাত্ৰ সন্থাৰ সমিতিখন বৈধ নহয় ৷ সেয়ে বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই অতি কম সময়ৰ ভিতৰত উত্তৰ বঙাইগাঁও শাখা ছাত্ৰ সন্থাৰ সমিতিখন পুনৰ গঠন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলিও বিবৃতিটোত উল্লেখ কৰিছে ৷ 

Your Comments