পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত প্ৰধানমন্ত্ৰীলৈ যুৱ ছাত্ৰ সন্মিলনীৰ স্মাৰক পত্ৰ

bgn

বঙাইগাঁওঃ 

কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীয়ে বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ এক প্ৰেছ বিবৃতিযোগে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে এই কথা সদৰী কৰিছে ৷ বিবৃতিটোত নেতাদ্বয়ে কয় য়ে ঐতিহাসিক কমতাপুৰ অঞ্চল বিভিন্ন চক্ৰান্তৰ ফলত বৰ্তমানৰ অসম আৰু পশ্চিমবংগ ৰাজ্যৰ বেদখলী ভূমি হৈ আছে আৰু এই অঞ্চলৰ জনসাধাৰণ বঞ্চিত আৰু শোষিত হৈ আছে ৷ সেয়ে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ জৰিয়তেহে এই অঞ্চলৰ জনগণৰ সৰ্বাংগীণ উন্নয়ন সম্ভৱ বুলি কৈ অনতিপলমে কমতাপুৰ ৰাজ্য গঠন কৰাৰ দাবী জনায় নেতাদ্বয়ে ৷ আনহাতে বিবৃতিটোত নেতাদ্বয়ে বড়োলেণ্ড দাবীৰ তীব্ৰ বিৰোধীতা কৰি কয় যে ঐতিহাসিক কমতাপুৰত বড়োলেণ্ডৰ দাবী অযুক্তিকৰ আৰু অদৰকাৰী ৷ কমতাপুৰ অঞ্চলত বড়োলেণ্ড গঠন হব দিয়া নহ'ব বুলিও নেতাদ্বয়ে উল্লেখ কৰে ৷ সংগঠনটোৰ সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে আৰু কয় যে বি টি চি গঠনে বিটিএডিত বাস কৰা ভূমিপুত্ৰ কোচ ৰাজবংশীৰ লগতে অনাবড়ো লোকসকলৰ অধিকাৰ হৰণ কৰিছে ৷ সেয়ে বিটিচি পুনৰীক্ষণৰ প্ৰয়োজন আছে ৷ নেতাদ্বয়ে সাংসদ বিশ্বজিত দৈমাৰীয়ে ৰাজ্যসভাত বড়োলেণ্ড গঠনৰ প্ৰসংগ উত্থাপন কৰা কাৰ্যক তীব্ৰ নিন্দা কৰি কয় যে  বিশ্বজিত দৈমাৰী ৰাজ্যসভাত অসমৰহে সাংসদ, বড়োৰ নহয় ৷ সাংসদ দৈমাৰী অসমক প্ৰতিনিধিত্ব কৰে বাবে অসমৰ সকলো জনগোষ্ঠীৰ আবেগ অধীকাৰক সন্মান প্ৰদৰ্শন কৰা দায়িত্ব আছে ৷ কিন্তু দৈমাৰীয় অতি উগ্ৰ আৰু ঠেক মনোবৃত্তিৰে কেৱল নিজৰ বড়ো জনগোষ্ঠীৰ একাংশই কৰা বড়োলেণ্ড দাবী তোলা কাৰ্য গৰিহণাযোগ্য ৷ দৈমাৰীৰ ৰাজনৈতিক দল বি পি এফে নিৰ্বাচনৰ সময়ত বড়োলেণ্ড দাবীৰ বিপৰীতে স্থিতি লোৱাও দেখা যায় ৷ কিন্তু অনাবড়ো ভোটাৰক ভালৰি লগাই ক্ষমতা দখলৰ বাবেহে যে সেয়া এক নাটক কৰে এই কথা এতিয়া স্বচ্ছ হৈ পৰিল ৷ গতিকে এনে বহুৰূপী দলৰ পৰা ৰাইজক সাবধানে থাকিবলৈ নেতাদ্বয়ে বিবৃতিটোত আহ্বান জনায় ৷

Your Comments