নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
অবিভক্ত নগাঁও জিলাত সম্প্ৰতি জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে । আজি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা পুৰণিগুদামৰ এগৰাকী মহিলাই মৃত্যুক আকোঁৱালি লয় । মৃত মহিলাগৰাকী হৈছে ননী শৰ্মা ।পুৰণিগুদামৰ সমীপৰ হাতীগাঁৱৰ মহিলা গৰাকীয়ে কিছুদিন পূৰ্বে জ্বৰত আক্ৰান্ত হৈ থকা বাবে পৰিয়ালৰ সদস্যই গুৱাহাটীৰ দিছপুৰ চিকিৎসালয়ত ভৰ্তি কৰায় । পিছত মহিলাগৰাকীৰ স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাত পৰিয়ালৰ সদস্যই পুনৰ নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় যদিও আজি শেষ নিশ্বাস ত্যাগ কৰে । ৬১ বছৰীয়া ননী দেৱীয়ে মৃত্যুৰ সময়ত এজন পুত্ৰ-বোৱাৰী আৰু এগৰাকী জীয়ৰীক এৰি থৈ যায় । সৰবৰহী মহিলাগৰাকীৰ মৃত্যুত পুৰণিগুদাম হাতীগাঁও অঞ্চলত শোকৰ ছাঁ পৰিছে । উল্লেখযোগ্য যে যোৱা ১১জুলাইতো জিলাখনৰ হাতীচোং কমাৰচুকতো গোলাপ দাস নামৰ এজন অৱসৰপ্ৰাপ্ত ৰে'ল বিভাগৰ কৰ্মচাৰীয়ে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হস্পিতালতলত চিকিৎসাধীন হৈ শেষ নিশ্বাস ত্যাগ কৰিছিল ।
- Log in to post comments
- 13 views