নাৰায়ণপুৰত গাঠিৰ ধন খৰচ কৰি ৰাইজে নিৰ্মাণ কৰিলে দলং

dhalpur

নাৰায়ণপুৰৰ পৰা বিশ্ব প্ৰসাদ বৰা :

নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত ২নং তাঁতীবাহাৰ আৰু দেউৰী গাঁৱৰ ৰাইজে গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে এখন বাঁহৰ  দলং ৷ ২ নং তাঁতীবাহাৰ আৰু দেউৰী গাঁৱকে ধৰি বহু কেইখন গাঁও সংযোগী পিছলা নৈৰ ওপৰত থকা এই বাঁহৰ দলংখন আজিলৈকে চৰকাৰৰ দৃষ্টিৰ পৰা দূৰৈত থাকিল । চৰকাৰৰ কোনো এখন আঁচনিয়ে এই দলং খন  ঢুকি নোপোৱাত হাতে-কামে লাগিল ৰাইজ ৷ সেয়ে নিজৰ গাঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰিলে দলংখন ৷ দলংখনৰ পৰা প্ৰায় এশ মিটাৰ দূৰৈত আছে এখন প্ৰাথমিক বিদ্যালয় । ছাত্র-ছাত্ৰীৰ লগতে ৰাইজৰ অহা-যোৱাৰ সুবিধাৰ বাবে গাঁৱৰ ৰাইজে গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে এই দলংখন ।  উল্লেখ্য যে, ২নং তাঁতীবাহাৰৰ পৰা দেউৰী গাওঁকে ধৰি বহু কেইখন গাঁৱৰ সংযোগী পিছলা নৈৰ ওপৰত থকা এই বাঁহৰ দলংখন বহু বছৰ ধৰি মেৰামতিৰ অভাৱত প্ৰায় নিশ্চিহ্ন হৈ গৈছিল ৷ প্ৰায় পাঁচখন গাঁৱৰ ছাত্ৰ-ছাত্ৰী, ৰাইজে যাতায়ত কৰা পথটোৰ দলংখন নিৰ্মাণৰ বাবে ৰাইজে চৰকাৰক কেইবাবাৰো আবেদন কৰাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷ ফলত যাতায়তৰ সমস্যাত ককবকাই থকা অঞ্চলটোৰ ৰাইজে নিজৰ জেপৰ ধন খৰচ কৰি ঘৰে ঘৰে বাঁহ তোলাৰ লগতে লাগতিয়াল সামগ্ৰী কিনি আনি নিজে দলংখন নিৰ্মাণৰ বাবে ওলাই আহে । চৰকাৰৰ কোনো উন্নয়ণৰ আঁচনিয়ে ঢুকি নোপোৱা দলংখন ৰাইজে নিজেই নিৰ্মান কৰি যাতায়তৰ উপযোগী কৰি লৈ ৰাইজে এতিয়া স্বস্তি লভিছে।

Your Comments