শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন :
সমগ্ৰ ৰাজ্যত আজি বিৰাজ কৰিছে আনন্দ উল্লাহৰ পৰিবেশ। প্ৰতিজন অসমীয়াৰ সপোন যেন আজি বাস্তৱত পৰিণত হ'ল। অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে আজি প্ৰদান কৰা হয় দেশৰ সৰ্বোচ্চ সন্মান 'ভাৰত ৰত্ন' বঁটা। সন্ধিয়া ৬ বজাত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভূপেনদাৰ পুত্ৰ তেজ হাজৰিকাক এই বঁটা প্ৰদান কৰে।
এই শুভ ক্ষণত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী। ভূপেনদাৰ অতি মৰমৰ শিৱসাগৰতো আনন্দময় পৰিবেশে বিৰাজ কৰিছে । সন্ধিয়া ৭ বজাত শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু দিখৌপৰীয়া সন্মিলীত যুৱ সংঘৰ সহযোগত চহৰৰ মাজমজিয়াস্থিত দ'লমুখ চাৰিআলিৰ জয়দেৱাল খেমকা মাতৃ সদনৰ সন্মুখত থকা ভাৰত ৰত্ন ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তিৰ সন্মুখত এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয় ।
অনুষ্ঠানৰ আৰম্ভনিতে শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে সুধাকণ্ঠ গৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত বিদিত দাস, গড়কপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা অৰুণ গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃদুস্মিতা সিনহাৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
সাংস্কৃতিক অনুষ্ঠানত শিৱসাগৰৰ অডিঅ’ চিটিৰ প্ৰায় ২০ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কেইবাটাও কালজয়ী গীত পৰিবেশন কৰি উপস্থিত দশকক আপ্লুত কৰে। অনুষ্ঠানৰ শেষত উপস্থিত সকলো ৰাইজৰ সৈতে অডিঅ’ চিটিৰ ছাত্ৰ-ছাত্ৰীসকলে থিয় হৈ "মানুহে মানুহৰ বাবে" গীত পৰিবেশন কৰে।
- Log in to post comments
- 9 views