'মই কংগ্ৰেছক তালাক দি আহিছোঁ': তিনিচুকীয়াৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিঙৰ বিজেপিত যোগদান

tinisukia

কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিঙে আজি যোগদান কৰিলে বিজেপিত।বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত  আনুষ্ঠানিকভাৱে যোগদান কৰে সিঙৰ লগতে তেওঁৰ ৭ জন সতীৰ্থয়ো ।


ৰাজেন্দ্ৰ প্ৰসাদ সিঙক দলৰ মজিয়ালৈ আদৰণি জনাই ৰাজ্যিক বিজেপিৰ উপ- সভাপতি ডঃ প্ৰদীপ ঠাকুৰীয়া, বিজয় গুপ্তা আৰু পুলক গোহাঁইয়ে। 


বিজেপিত যোগদান কৰিয়েই নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোণোৱালৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে প্ৰাক্তন কংগ্ৰেছ বিধায়কগৰাকী। লগতে কংগ্ৰেছ দলটোকো সমালোচনাৰে থকাসৰকা কৰে।


'কংগ্ৰেছত কিছুমান আত্মকেন্দ্ৰিক নেতা আছে। কংগ্ৰেছ অৰ্ন্তকন্দলত ভুগি আছে। মই কংগ্ৰেছক তালাক দি আহিলোঁ।কংগ্ৰেছে ৬০ বছৰ শাসন কৰিলে,গতিকে  ভৱিষ্যতে বিজেপিয়ে ৪০ বছৰ শাসন কৰক।কংগ্ৰেছত মোৰ প্ৰতি অন্যায় কৰা হৈছে।মোক মন্ত্ৰিত্ব দিয়া হ'লে মই আৰু কাম কৰিব পাৰিলোঁ হয়।' কংগ্ৰেছক সমালোচনা কৰি সিঙে এইদৰে কয়। 


অৱশ্যে,বিজেপিলৈ তেওঁ মন্ত্ৰিত্বৰ লোভত অহা নাই বুলি উল্লেখ কৰাৰ লগতে কয়- 'দলে যি দায়িত্ব দিব,সেই দায়িত্ব লৈয়ে ৰাইজৰ হকে কাম কৰিম।'


ইফালে,নৰেন্দ্ৰ মোডীয়ে  তিনিটাকৈ ঐতিহাসিক সিদ্ধান্ত ল'লে বুলি উল্লেখ কৰি সিঙে কয়-''যি কংগ্ৰেছৰ শাসনত নিজকে 'ভাৰতীয়' বুলি জনসাধাৰণে পাহৰি পেলাইছিল,এতিয়া মোডীয়ে নতুনকৈ সকলোকে ভাৰতীয় বুলি উপলব্ধি কৰিবলৈ  শিকাইছে।'তিনি তালাক' তেওঁ নাইকিয়া কৰিলে। তেওঁ মুছলিম মহিলাৰ কাৰণে যি কৰিলে,তাৰ কাৰণে মই আকৃষ্ট হৈছোঁ।কাশ্মীৰৰ সমস্যাৰ সমাধান কৰিলে মোডীৰ নেতৃত্বত বিজেপি চৰকাৰে।কিন্তু কংগ্ৰেছে ৬০ বছৰ শাসন কৰিও সমাধান কৰিব নোৱাৰিলে।মোডী চৰকাৰৰ সিদ্ধান্তত কংগ্ৰেছ দলে সহযোগ কৰিব লাগিছিল।তেতিয়া,ভাৰতীয় মানুহে তেওঁলোকক সহযোগ কৰিলে হয়।এক বিধান,এক প্ৰধান,এক নিছান-এইটো এতিয়া সম্পূৰ্ণ হ'বলৈ গৈছে। এইটো হ'লে আমাৰ যথেষ্ট উন্নতি হব।"


উল্লেখযোগ্য যে,উজনি অসমত প্ৰদেশ কংগ্ৰেছৰ শক্তিশালী ভেটি গঢ়া এগৰাকী নেতা ৰাজেন্দ্ৰ প্ৰসাদ সিঙে ২০০১ চনৰ পৰা ২০১৬ চনলৈ তিনিবাৰ তিনিচুকীয়াৰ বিধায়ক হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।


২০১৬ চনৰ বিধানসভা নিৰ্বাচত সঞ্জয় কিষাণে ৰাজেন্দ্ৰ প্ৰসাদ সিঙক পৰাস্ত কৰাৰ পিছতে সমষ্টিটোত ক্ৰমান্বয়ে কংগ্ৰেছে জনসমৰ্থন হেৰুৱাবলৈ আৰম্ভ কৰিছিল।


এনেদৰে,এজনৰ পাছত আন এজন জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ বিজেপিত যোগদানে কংগ্ৰেছত মোক্ষম আঘাত দিছে।

Your Comments