বঙাইগাঁওঃ
চিৰাং জিলাৰ বিজনীত 'ডি' ভোটাৰৰ নামত পুনৰ স্বদেশীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ উত্থাপিত অভিযোগ মতে জিলাখনৰ বিজনীৰ লেচিয়াগাঁও নিবাসী প্ৰয়াত শ্ৰীদাম দাসৰ ৫৯ বছৰীয়া পত্নী অষ্টমী দাস নামৰ মহিলাগৰাকী যোৱা ডেৰ বছৰ ধৰি কোকৰাঝাৰৰ ডিটেনচন কেম্পত বন্দী হৈ আছে। ভোটাৰ পৰিচয় পত্ৰকে ধৰি একাধিক বৈধ ভাৰতীয় নথি-পত্ৰ থকাৰ পিছতো অষ্টমী দাসক বিদেশী ন্যায়াধীকৰণ আদালতে 'ডি' ভোটাৰ সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে চুবুৰীয়া পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ বালাভূত নিৱাসী যুগল কিশোৰ দাসৰ কন্যা অষ্টমী ৪০ বছৰ পূৰ্বে বিজনীৰ লেচিয়াগাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী শ্ৰীদাম দাসৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ বিজনীৰ বাসিন্দা হৈ পৰে। পিছত চাৰিটাকৈ পুত্ৰ আৰু দুটা কন্যা সন্তানকে ধৰি ছয়টি সন্তানৰ মাতৃ হৈ পৰে অষ্টমী দাস । কিন্তু বিগত ২০১৬ বৰ্ষত বিদেশী ন্যায়াধীকৰণ আদালতে মহিলাগৰাকীৰ নামত সন্দেহযুক্ত বিদেশী নাগৰিকৰ জাননী প্ৰেৰণ কৰে ৷ উক্ত জাননীৰ ভিত্তিত ডেৰ বছৰ পূৰ্বে বৈধ ভাৰতীয় নথি-পত্ৰ থকাৰ পিছতো বিদেশী ন্যায়াধীকৰণ আদালতে অষ্টমী দাসক ডিটেনচন কেম্পলৈ পঠিয়ায় ৷
- Log in to post comments
- 6 views