নাৰায়ণপুৰৰ পৰা বিশ্ব প্ৰসাদ বৰাৰ প্রতিবেদন :
চকুত চকুপানী আৰু সন্ধানহীন পুত্রৰ ছবি বুকুত লৈ পদুলিয়ে পদুলিয়ে ঘূৰি ফুৰিছে এগৰাকী মাতৃ ৷ এটা হাফ পেন্ট আৰু গেঞ্জী পিন্ধি ঘৰৰ পৰা ওলাই যোৱা জিতুপন আজি দুমাহ ধৰি হৈ আছে সন্ধানহীন ৷ লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত হৰিদাস গাঁৱৰ নিবাসী দিলীপ হাজৰিকা আৰু দুলুমণি হাজৰিকাৰ পুত্র জিতুপনে পাঁচ হাজাৰ পাঁচশ টকা লৈ এটা মোবাইল কিনিম বুলি ওলাই গৈ আজি পৰ্যন্ত উভতি নাহিল।যুৱক জনৰ এই নিৰুদ্দেশৰ খবৰে অঞ্চলটোত বিৰাজ কৰিছ চাঞ্চল্য ৷ ১৯ বছৰীয়া যুৱকজন কলাবাৰী মহাবিদ্যালয়ৰ তৃতীয় ষণ্মাষিকৰ ছাত্র ৷ অমায়িক প্ৰকৃতিৰ লৰাটো ক'ত গ'ল সেয়া হৈ পৰিছে এতিয়া প্ৰশ্নবোধক ৷ আৰক্ষীৰ কাষ চাপিও নিৰূপায় পিতৃ - মাতৃ আৰু ওচৰ চুবুৰীয়া ৷ স্থানীয় লোকৰ অভিযোগ আৰক্ষীৰ গাফিলতিৰ বাবে আজিও সন্ধান উলিয়াব পৰা নাই জিতুপনৰ। জিতুপনৰ মাক দেউতাক আৰক্ষীৰ ওচৰলৈ গ'লে দিনৰ দিনটো আৰক্ষীয়ে বহাই হে থয় কিন্তু বিষয়টোত কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহয়। মবাইল কিনিবলৈ ওলাই যোৱা পুত্রক বিচাৰি মাতৃ দুলুমণি হাজৰিকাৰ চকুত এতিয়া কেৱল চকুপানী। পুত্রৰ ফটো বুকুত সাবটি এতিয়া ৰাইজৰ পাদুলিয়ে পদুলীয়ে ঘূৰি ফুৰিছে মাতৃ গৰাকীয়ে। কোনো সদাশয় ব্যক্তিয়ে জিতুপনৰ কোনো সন্ধান পালে ৯১২৭১০৩১২৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।
- Log in to post comments
- 12 views