সঘন বিদ্যুৎ কৰ্তনত  অতিষ্ঠ বাহাৰঘাটবাসী : বিজুলী যোগান নিয়মীয়া নহলে বিদ্যুতৰ বিল আদায় নিদিয়াৰ সংকল্প  ৰাইজৰ

bidtut

নৰেন শৰ্মা,বাহাৰঘাট :

সপ্তাহজোৰা প্ৰচণ্ড গৰমে দহিচে ৰাজ্যবাসীৰ লগতে বাহাৰঘাট অঞ্চলৰ ৰাইজকো৷ প্ৰসৰ ৰ’দ আৰু গৰমৰ বাবে প্ৰয়োজনীয় কামকাজকো বাদ দি গছৰ ছাঁত জিৰণি লৈ সময় অতিবাহিত কৰিব লৈছে বহুজনে৷তাতেই আকৌ ভূতৰ ওপৰত দানহ পৰাদি সঘন বিদ্যুত কৰ্তন কৰি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে  ৰাইজক দিছে যমৰ যতনা৷দিনটোৰ বেচিভাগ সময়ে বিদ্যুত কৰ্তন কৰাৰ ওপৰিও নিশা এঘন্টাৰ পৰা দুঘণ্টা পৰ্য্যন্ত একেলগে বিদ্যুত কর্তন কৰি ৰাইজক দিছে যমৰ যাতনা। দুখৰ বিষয় এয়ে যে আজি কেইদিনমানৰ পৰা দিন কি ৰাতি সকলো সময়তে বিদ্যুৎ কৰ্তন হৈ  থাকা হৈছে৷এই সম্পৰ্কে কোম্পানীটোৰ লগত  যোগাযোগ কৰিও কোনো সম্পৰ্ক স্থাপন কৰিব নোৱাৰি৷কাৰণ কৰ্তব্যৰত কোম্পানীটোৰ কৰ্মচাৰী সকলে কাৰ্য্যালয়ত সোমাইয়েই গ্ৰাহকে যোগাযোগ কৰিব পৰা ফোনটোৰ চুইচ অফ কৰি থয়৷কোম্পানীটোৰ নলবাৰী উপসংমণ্ডল দুইৰ পৰা নিয়ন্ত্ৰিত আৰু কমাৰকুছি(কটপুহা) উপ আস্থানৰ পৰা বিদ্যুত যোগান ধৰা বাহাৰঘাট কেম্পৰ অন্তৰ্গত গ্ৰাহক সকলৰ উক্ত অসুবিধা দীৰ্ঘদিনীয়া৷বহুতো আবেদন নিবেদন কৰিও ৰাইজে বিদ্যুৎ নিয়মীয়া কৰাব পৰা নাই৷ বিদ্যুৎৰ এনেহেন লুকা-ভাকুৰ ফলত একাংশ ৰাইজৰ ইনভাৰ্টাৰ,মোবাইল ফোন,আদি সম্পূৰ্ণকৈ চাৰ্জ পৰ্যন্ত দিব পৰা নাই।তদুপৰি ক্ষুদ্ৰ উদ্যোগ ,জেৰক্স,ডিটিপি,ইন্টাৰনেট আদিও এতিয়া সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে৷আনহাতে অঞ্চলটোৰ কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত গাওঁ সমূহৰ বিদ্যুৎ যোগানত সঘনে হৈ থকা বিজুতিৰ বাবে ৰাইজ অতিষ্ঠ হৈ পৰিছে৷কোম্পানীটোৰ ৰঙিয়া সংমণ্ডলৰ অন্তৰ্গত উক্ত গাওঁ সমূহৰ ক্ষেত্ৰত পূৰ্বৰে পৰা মাহি আইৰ দৃষ্টিৰে চাই অহা বুলি ভূক্তভোগী ৰাইজে অভিযোগ তুলিছে৷ভুক্তভোগী ৰাইজৰ একাংশই বিদ্যুৎ যোগান নিয়মীয়া নহলে বিদ্যুৎ বিল আদায় দিয়াৰ পৰা বিৰত থাকিব বুলিও সকিয়াই দিছে৷

Your Comments