শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন :
সমগ্ৰ ৰাজ্যৰ লগতেশিৱসাগৰটো আজি সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষকে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ চৰকাৰে কৰা শোষণ, বঞ্চনা, প্ৰতাৰণা আৰু ষাড়যন্ত্ৰৰ বিৰুদ্ধে আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ জিলাখনৰ কেইবা শতাধিক শিক্ষকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷
এই কাৰ্যসূচীৰ জড়িয়তে বিনাচর্তে ৫,৯২৪ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ, উচ্চ ন্যায়ালয়ত চৰকাৰে দিয়া পুনৰীক্ষন আবেদন প্ৰত্যাহাৰ কৰা, বেতন সহ বি, এড শিক্ষাৰ বাবে মাধ্যমিক ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিনিধি প্ৰেৰণ কৰাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। অৱস্থান ধৰ্মঘটৰ অন্তত প্ৰতিবাদী শিক্ষক সমাজে তেওঁলোকৰ দাবী সম্বলিত এখনি স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰে৷
উল্লেখ্য যে শিৱসাগৰ জিলাৰ ১৭৫ খন বিদ্যালয়ৰ ৩৬৫ গৰাকী ঠিকাভিত্তিক শিক্ষক আছে যিসকল চৰকাৰৰ প্ৰতাৰণাৰ বলি হৈ আছে৷ দুয়োখন চৰকাৰেই এইসকল শিক্ষকৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা হাতত নল’লে। সমগ্ৰ অসমত বিগত চাৰি দিন ধৰি ঠিকাভিত্তিক শিক্ষকসকলে শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু আজি প্ৰতিখন জিলাত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হাতত লৈছে। ইয়াৰ পিছতো যদি চৰকাৰে সমস্যাটো সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা হাতত নলয় তেন্তে অহা ৫ চেপ্তেম্বৰৰ শিক্ষক দিৱসৰ দিনা গুৱাহাটীত এক প্ৰতিবাদী মিচিল কৰা হ’ব য'ত ৰাজ্যৰ প্ৰতিখন জিলাৰ ৫,৯২৪ গৰাকী শিক্ষকে অংশ গ্ৰহণ কৰিব বুলি সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে ।
- Log in to post comments
- 5 views