শিৱসাগৰঃ
শিৱসাগৰৰ ঐতিহাসিক চাওলুং চুক্যাফা ইনড'ৰ ষ্টেডিয়ামত মংগলবাৰৰ পৰা আৰম্ভ হৈছে পঞ্চম ৰেংকিং বেডমিন্টন টুৰ্ণামেণ্ট ২০১৯। শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম বেডমিন্টন সন্থাৰ সহযোগত আয়োজিত বেডমিন্টন টুৰ্ণামেণ্টৰ কালিৰে পৰা আৰম্ভ হৈছে। ৬ আগষ্টৰ পৰা ৯ আগষ্টলৈকে অনুষ্ঠিত হ’বলগীয়া এই ৰেংকিং বেডমিন্টন টুৰ্ণামেণ্টৰ শুভ উদ্ধোধন কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই।
উদ্ধোধনী ভাষণত দত্তই কয় আমি আমাৰ শৰীৰটো সুস্থ তথা নিৰোগী কৰি ৰখাৰ উত্তম উপায়টো হল খেলা ধূলা কৰাটো। খেলক যদি আমি ভালদৰে অনুশীলন কৰো ই আমাৰ প্ৰতিভা বিকাশ কৰাৰ লগতে শৰীৰটো সুস্থ কৰি ৰাখিব। শৰীৰটো সুস্থ হোৱাৰ লগতে আমাৰ মন সুস্থ হ’ব, মনটো সুস্থ হ’লে আমাৰ চৌদিশৰ পৰিবেশটো সুস্থ হৈ উঠিব, আমাৰ সমাজখন সুস্থ হৈ উঠিব আৰু সমাজখন যেতিয়া সুস্থ হ’ব তেতিয়া আমাৰ ৰাজ্যখন বা দেশখনক এখন সুস্থ তথা শান্তিময় দেশ হিচাপে গঢ়ি তুলিব পাৰিম।
শিৱসাগৰ ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক শৰৎ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্ত, শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি, ক্ৰীড়া সংগঠক মনেজ ভাগৱতী, অসম বেডমিন্টন এছ'চিয়েছনৰ উপ-সভাপতি পৱিত্ৰ বৰঠাকুৰ, সাংবাদিক মনোজ কুমাৰ গগৈ, যদুমণি বড়াকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
টু্ৰ্ণামেণ্টত ৰাজ্যৰ বিভিন্ন জিলাৰ ১১ ৰ পৰা ১৯ বৰ্ষৰ শিতানৰ শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছে বুলি উদযাপন সমিতিৰ সম্পাদক ঋতুৰাজ চেতিয়াই জানিবলৈ দিয়ে৷
- Log in to post comments
- 7 views