মঙ্গলদৈ :-
স্বাধীনতা দিৱসৰ পূৰ্বে মঙলদৈত আৰক্ষীয়ে বিশেষ নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলিছ।
বিভিন্ন স্থানত আৰক্ষীয়ে চলাইছে অভিযান। তেনে অভিযানৰ মাজতে মঙলদৈত সোমবাৰে পুৱতি নিশা ৪ মান বজাত দৰং আৰক্ষীৰ অধীক্ষক অমৃত ভূঞাৰ নেতৃত্বত মঙ্গলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱা আৰু উপ-পৰিদৰ্শক চন্দন দাসৰ লগতে এটি দলে এক গোপন খবৰৰ ভিত্তিত মঙ্গলদৈৰ ভেবাৰঘাট বাছ আস্থানৰ সমীপত এ এছ ১২এছ ৪৪৮৩ নম্বৰৰ এখন ৱাগ'নাৰ গাড়ীৰ পৰা প্ৰায় ৫২ কেজি নিষিদ্ধ ভাং জব্দ কৰাৰ লগতে প্ৰনীব কছাৰী আৰু ৰোহিনী মিশ্ৰ নামৰ দুজন সৰবৰাহকাৰীক আটক কৰে ।
দুয়োৰে ঘৰ ৰৌতাত বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে এই নিষিদ্ধ ভাং খিনি ৰৌতা থানাৰ অন্তৰ্গত ধনশিৰিৰ পৰা পাঠশালালৈ লৈ গৈ আছিল বুলি সন্দেহ কৰা হৈছে ।
- Log in to post comments
- 7 views