গোলাঘাটত অব্যাহত অবৈধ চুলাইৰ ব্যৱসায় 

sura

গোলাঘাটৰ প্ৰতিবেদক

 

বিগত সময়ত দেশ কপোঁৱা সুৰা ট্ৰেজেডীৰ পিছতো গোলাঘাট জিলাত অব্যাহত অবৈধ সুৰাৰ ব্যৱসায়।জিলাখনৰ খুমটাই সমষ্টিত অবৈধ চুলাইৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ পৰিপ্ৰেক্ষিতত গোলাঘাট সদৰ আবকাৰী পৰিদৰ্শক নিৰঞ্জন দাসৰ নেতৃত্বত চলোৱা এটা অভিযানত খুমটাইৰ আঠুকহা চুকত এটা বৃহৎ চুলাইৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয়। ঘাটিটোত প্ৰায় ৮০০ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে আন বহুকেইটা অঞ্চলতো অভিযান চলাই বহুকেইটা চুলাইৰ ঘাটি উচ্ছেদ কৰা হয়।কেইবাজনো  অবৈধ সুৰা ব্যৱসায়ীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

Your Comments