বাক্সাৰ পৰা আমিনুল হকৰ প্রতিবেদন :
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত চলি থকা বিভিন্ন বিসংগতি দূৰ কৰাৰ দাবীত মঙলবাৰে আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান আৰু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমছুৰ বৰপেটা জিলা সমিতিয়ে জিলা খনৰ উপায়ুক্তৰ জৰিয়তে ভাৰত চৰকাৰৰ মহাপঞ্জীয়কলৈ তথা জিলা উপায়ুক্তক পৃথকে পৃথকে মুঠ চাৰিখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ সংগঠনটোৱে লগতে বৰপেটা জিলাৰ ভয়াবহ বানপানীৰ ফলত হোৱা ক্ষতিৰ সন্মুখীন হোৱা পৰিয়ালক উপযুক্ত ক্ষতিপুৰণ প্ৰদান কৰাৰ দাবীত দুখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰে। ৫ আগষ্টৰ দুপৰীয়া বৰপেটাৰ ভাতকুছিৰ সাহাতন নেছাই শুনানীৰ বাবে একেদিনাই দিনৰ ১ বজাত তিতাবৰত উপস্থিত হোৱাৰ জাননী লাভ কৰে, যিখন জাননীত এল আৰ চি আৰে চহীও কৰিছে একে দিনাই৷ বৰপেটাৰ ভাতকুছিৰ পৰা তিতাবৰলৈ বাছেৰে উপস্থিত হ’বলৈ সময় লাগে প্ৰায় ১২ ঘন্টা। এনে ক্ষেত্ৰত সাহাতন নেছাই কি কৰিব ? এনেদৰে নীতি বহিৰ্ভূত ভাবে কি কাৰণত মানুহক হাৰাশাস্তি কৰা হৈ আছে বুলিও স্মাৰক পত্ৰ খনত প্ৰশ্ন উত্থাপন কৰি মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰা বিষয়াৰ শাস্তিৰ দাবী উত্থাপন কৰিছে আমছুৱে৷ উল্লেখ্য যে মহামান্য উচ্চতম ন্যায়ালয়ে ১ নৱেম্বৰ, ২০১৮ তাৰিখে গ্ৰহণ কৰা SOP (এছঅপি)ৰ ৫ নং অনুচ্ছেদ মতে কোৱা হৈছে যে শুনানীৰ বাবে নিৰ্ধাৰিত তাৰিখৰ পৰা কমপক্ষেয়ো ১৫ দিন পূৰ্বে জাননী প্ৰদান কৰিব লাগিব আৰু যদি ইয়াতকৈ কম সময়ত জাননী প্ৰদান কৰা হয় তেন্তে তেওঁৰ শুনানীৰ বাবে বিকল্প তাৰিখ নিৰ্ধাৰণ কৰি নতুন জাননী প্ৰদান কৰাৰ বাবে স্থানীয় পঞ্জিয়ক বা এল আৰ চি আৰৰ ওপৰত দায়িত্ব ন্যস্ত থাকিব৷ কিন্তু এনে নিৰ্দেশনা অৱমাননা কৰি শুনানীৰ দিনা অথবা ২৪ ঘন্টা পূৰ্বে জাননী প্ৰদান কৰি হাজাৰ হাজাৰ ৰাইজক চৰম হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে বৰপেটা জিলা আমছুৱে৷
সংগঠনটোৱে লগতে স্মাৰকপত্ৰ যোগে অভিযোগ উত্থাপন কৰে যে অতি কম সময়ৰ ভিতৰত ৫০০ কিঃমিঃ দূৰত শুনানীৰ বাবে মাতি নিৰিহ ৰাইজক চৰম মানসিক অত্যাচাৰ কৰা হৈ আছে৷ এনে বিসংগতি বন্ধ নকৰিলে আমছুৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি স্মাৰকপত্ৰ যোগে সকীয়াই দিয়ে৷ স্মাৰকপত্ৰ প্ৰদান কৰাৰ সময়ত আমছুৰ উপ সভাপতি আবুল হুছেইন, প্ৰাক্তন শিক্ষা ও আলোচনী সম্পাদক সাজাহান আলী আহমেদ, সহঃসাধাৰণ সম্পাদক নুৰজামান ইছলাম, তথ্য-প্ৰযুক্তি আৰু সাংস্কৃতিক সম্পাদক মনিৰুজ জামান, বৰপেটা জিলা সমিতিৰ সভাপতি নজৰুল ইছলাম, উপ সভাপতি আব্দুল জুব্বাৰ আলী, তোতা মিঞা, জয়নুদ্দিন আহমেদ, সাধাৰণ সম্পাদক ৰহিদুল শিকদাৰ, সহঃসাধাৰণ সম্পাদক ও শিক্ষা আৰু আলোচনী সম্পাদক ছাইদুৰ ৰহমান, সহঃসাধাৰণ সম্পাদক আফজালুৰ ৰহমান, বাক্সা জিলা সমিতিৰ সাধাৰণ সম্পাদক সাহাদত হুছেইন, খন্দকাৰপাৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক নুৰজামান খান, পালহাজী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মেহেবোব আলমকে আদি কৰি এটা সজাতি দলে অংশ গ্ৰহণ কৰে৷
- Log in to post comments
- 15 views