লাহৰীঘাট বজাৰত চলিছে লেছীৰ লুন্ঠনৰাজ :  মাছুলৰ নামত বানাক্রান্ত লোকক লুন্ঠনৰ অভিযোগ 

laharighat

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলামৰ প্রতিবেদন :

সমাগত ইছলামধৰ্মালম্বী লোক সকলৰ পবিত্ৰ উৎসৱ ঈদ উল আজহা । ঈদ উল আজহাত ইছলামধৰ্মালম্বী লোক সকলে নিজৰ সাধ্যানুসৰি আল্লাহৰ নামত মহ, উট,গৰু, ছাগলী ইত্যাদি কোৰবানী দিয়ে‌। ইয়াৰে সুযোগ গ্ৰহণ কৰি  মৰিগাঁও জিলাৰ লাহৰীঘাট দ্বিসাপ্তাহিক বজাৰত  এই বেলি আৰম্ভ হৈছে লেছীৰ লুণ্ঠন ৰাজ।  ঈদ উল আজহাৰ দিন চমু চাপি অহাৰ লগে লগে পশুধনৰ বজাৰত  ইছলামধৰ্মাৱলম্বী  ক্রেতা আৰু বিক্রেতাৰ তৎপৰতা বৃদ্ধি পোৱাৰ সুযোগ গ্ৰহণ কৰিছে একাংশই । এফালে বানৰ তাণ্ডৱত অসহায় জনতা আনফালে ন্যস্ত স্বাৰ্থ পূৰণৰ বাবে লেছীৰ লুণ্ঠনৰাজ । আজিৰ পৰা দহ দিন পূৰ্বে বজাৰ সমিতিয়ে পশুধনৰ বাবদ যি পৰিমাণে মাচুল ক্রেতা-বিক্রেতা উভয় পক্ষৰ পৰা লৈছিল বৰ্তমান সময়ত কিন্তু তাৰ দুগুণ মাচুল লৈ গ্ৰাহকৰ মূৰত কঠাঁল ভাঙিছে  লেছীয়ে । আমাৰ হাতত পৰা ৰছিদ মৰ্মে চাৰি আগষ্টত বজাৰ সমিতিয়ে ক্ৰেতা-বিক্ৰেতা উভয়ৰ পৰা এটা গৰুৰ বাবদ ১৫০কৈ ৩০০ টকা  লোৱা বুলি ৰচিদ যোগে তেওঁলোকে নিশ্চিত কৰিছিল। ক্ৰয় বিক্ৰয়ৰ সকলো নিয়ম নীতি ভৰিৰে মোহাৰি ক্রেতা বিক্রেতা উভয় পক্ষৰ পৰা এনেদৰে নিয়ম বহিৰ্ভূতভাবে ধন সংগ্ৰহ  কৰি থকাৰ  পিছতো প্ৰকাশনে কিয় মৌন হৈ আছে সেয়া অঞ্চলটোত এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। 

Your Comments