লংকাৰ লস্কৰ পথাৰত পানীত পৰি দুই ভাতৃৰ সলিল সমাধি

lanka

হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :

মজিদৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত পথৰ পৰা পিছলি পানীত পৰি একে ঘৰৰ দুই সহোদৰ ভাতৃৰ সলিল সমাধি ঘটে।ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ লস্কৰ পথাৰ কপিলী পাৰৰ নিৰ্বাসী দুই শিশু চাহিদ আলম আৰু মেহ্বুবে আলমে মজিদৰ পৰা ঘৰৰ অভিমূখে আহি থকা অৱস্হাত চাহিদ আলম পথৰ পৰা পিছলি লংকাজান জুৰিত পৰি যায়।তেনেতে ভায়েকক বচাবলৈ মেহবুব আলমেয়ো পানীত নামি পৰে যদিও নৈৰ তীব্ৰ সোঁতে দুয়োকে টানি লৈ যোৱাত উক্ত স্থানতেই দুয়োৰে সলিল সমাধি ঘটে | পিছত দুয়োকে স্থানীয় ৰাইজে দুয়োজনৰ মৃতদেহ পানীৰ পৰা উদ্ধাৰ কৰে | পিছত লংকা আৰক্ষীৰ লোক ঘটনাস্হলীত উপস্হিত হৈ দুই সহোদৰ ভাতৃৰ মৃতদেহ লংকা আৰক্ষী থানালৈ লৈ আহে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰে।

Your Comments