সোণাৰিৰ পৰা ঘন বৰা
অসম-নাগালেণ্ড দুই আন্তঃৰাজ্যিক সংযোগী নাইলং নদীৰ ওপৰত থকা কাঠৰ দলং ভাগি নদীত পৰিল এখন ডাম্পাৰ। চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ পৰা প্ৰায় বাৰ কিলোমিটাৰ নিলগৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী চৰাইদেউ জিলাৰ নামতোলাৰ নাইলং নদীৰ ওপৰত এই ঘটনা ঘটে। ফলত দুই ৰাজ্য মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। এএচ-০৪-বিচি ১৩৯৭ নম্বৰৰ ডাম্পাৰখনৰ চালক হোমেন কোঁৱৰ মহন গুৰুতৰভাৱে আহত হয়। উল্লেখ্য যে উক্ত ডাম্পাৰখনে নাগালেণ্ডৰ পৰা শিলগুটি আনিবলৈ যোৱাৰ পথত দুৰ্ঘটনা হয় । ইফালে অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত থকা দলংখন আজিকোপতি কোনো এখন ৰাজ্যৰ চৰকাৰে নিৰ্মাণৰ দায়িত্ব নোলাৱাত দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল। অতি জৰাজীৰ্ণ কাঠৰ দলংখনৰ ওপৰেদিয়েই বোজা কঢ়িওৱা যথেষ্ট সংখ্যক গাড়ীয়ে দৈনিক অতি বিপদসংকুলভাৱে চলাচল কৰি আছিল। এই দুৰ্বল দলংখন নিৰ্মাণৰ বাবে বিভিন্ন সময়ত দুয়োখন ৰাজ্যৰ বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে দাবী জনাই আহিছিল যদিও দলংখন নিৰ্মাণৰ বাবে আজিলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত আজিৰ দুৰ্ঘটনা সংঘটিত হয়।
- Log in to post comments
- 10 views