বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
সমগ্ৰ ৰাজ্যৰ লগতে আজি নলবাৰী জিলাৰ বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়ত এলেকাৰ বিভিন্ন গাওঁৰ ১৫ গৰাকী হিতাধিকাৰীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীন)ৰ গৃহৰ আধাৰশিলা স্থাপন কৰে৷ তদুপলক্ষে প্ৰতিটো পৰিয়ালত মাঙ্গলিক অনুষ্ঠনত গাওঁ পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা, আঞ্চলিক সদস্য ফনীনাথ লহকৰ, সচিব শংকৰ পণ্ডিত, আদিৰ লগতে পঞ্চায়তৰ কেইবাজনো কৰ্মকৰ্তা, দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজে সহযোগ কৰে৷ আনহাতে অঞ্চলটোৰ বৰভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৩(৭)নং সানেকুছি গাওঁ পঞ্চায়ত এলেকাটো দহ গৰাকী হিতাধিকাৰীৰ আৱাস গৃহৰ আজি আনুষ্ঠনিকভাবে আধাৰশিলা স্থাপন কৰে৷ তদুপৰি কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ কঞাঁ বৰপূল্লা, বাৰাংহাটী, ধুহিবালা, বালিসত্ৰ বিষ্ণুপূৰ আদি পঞ্চায়ততো প্ৰধানমন্ত্ৰী আৱাস গৃহৰ আধাৰশিলা স্থাপন কৰে৷
- Log in to post comments
- 32 views