চতিয়াত বিনামূলীয়া কঠীয়া বিতৰণ

kathiya

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা

 

চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিগত বৰ্ষৰ দৰে এইবাৰো চতিয়া সমষ্টিৰ কৃষক ৰাইজক বিনামূলীয়াকৈ উন্নত মানৰ বীজৰ ধান,খেতিৰ বাবে কঠীয়া যোগান ধৰাৰ কাম মঙলবাৰৰ পৰা আৰম্ভ কৰিছে।বানৰ কৱলত পৰা কৃষকসকলক কৃষি কাৰ্যত সকাহ দিয়াৰ উদ্দেশ্যেৰে শোণিতপুৰ জিলা কৃষি বিভাগৰ সহযোগত বিধায়কজনে এইবাৰ সমষ্টিটোৰ অন্তৰ্গত জীয়াভৰলী বহুমুখী কন্যকা কৃষিপামত ৫০ বিঘা, বাকোলা বীজ পামত ২০ বিঘা, কেৰাণী পামৰ ৰাজহুৱা কৃষিভূমিৰ ২৫ বিঘা আৰু চামধৰাৰ ৰাজহুৱা কৃষিভূমিৰ ১৫ বিঘা মাটিকে ধৰি মুঠ ১০০ বিঘা মাটিত ধানৰ বীজ সিঁচাৰ ব্যৱস্থা কৰিছিল।শিলাবন্ধাৰ কৃষি উন্নয়ন বিষয়া কমলকৃষ্ণ দাসৰ তত্ত্বাৱধানত,স্থানীয় ৰাইজ আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ সহযোগত আজিৰে পৰা উক্ত কঠীয়াসমূহ বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি কৃষি উন্নয়ন বিষয়াজনে জানিবলৈ দিয়ে।

kathiya

আজি জীয়াভৰলী কন্যকা কৃষিপামত কঠীয়া বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে শোণিতপুৰ জিলা কৃষি বিষয়া প্ৰকাশ বৰা, কৃষি উপ-বিষয়া হৰেশ্বৰ দাস, মহকুমা কৃষি বিষয়া পৱিত্ৰ পাঠকৰ লগতে কৃষি উন্নয়ন বিষয়াদ্বয়  ঘনশ্যাম দত্ত আৰু কমল কৃষ্ণ দাস ।

Your Comments