ভুৱনেশ্বৰ কলিতা যদি বিজেপিলৈ নাযায়,তেনেহ'লে মই তেওঁৰ ওচৰত ক্ষমা খুজিম-তৰুণ গগৈ

gogoi

'কালি মোডী চৰকাৰে জম্মু আৰু কাশ্মীৰক লৈ যি সিদ্ধান্ত গ্ৰহণ কৰিলে,সেয়া কোনো ঐতিহাসিক সিদ্ধান্ত নহয়।এই সিদ্ধান্তই কাশ্মীৰৰ মূল সমস্যাৰ সমাধান নকৰে। বৰঞ্চ সমস্যা সৃষ্টিহে কৰিব।'
আজি এখন সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। 

সংবাদমেলখনত তেওঁ কয়-- 'কালি সদনত জম্মু আৰু কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ আঁতৰাই মোডী চৰকাৰে কাশ্মীৰৰ মূল সমস্যাৰ পৰা ফালৰি কাটিছে।তেওঁলোকে যদি এই সিদ্ধান্তটোক ঐতিহাসিক বুলি ভাবিছে, তেনেহ'লে কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু নেতাসকলক জেলত ভৰাই থোৱাৰ লগতে হাজাৰ হাজাৰ পুলিচ বা আৰ্মীৰ লোকক মোতায়েন কৰিছে কিয়?'
 

'এই ৩৭০ নং অনুচ্ছেদটো যদি মোডী চৰকাৰে আলোচনা কৰি নাইকিয়া কৰিলে হয়, তেনেহ'লে কথা নাছিল।কিন্তু  এনে নকৰি হাজাৰ হাজাৰ আৰক্ষীৰ লোকক মোতায়েন কৰি আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসকলক জেলত সুমুৱাই কিয় কৰিলে?ইয়াত  এটা শক্তিশালী বিৰোধিতা যে আছে তেওঁলোকৰ কাৰ্যই তাকে প্ৰমাণ কৰিছে বুলিও গগৈয়ে কয়। 

'এই ৰায়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অশনি সংকেত আনিছে বুলি জানিবলৈ দি তেওঁ কয় যে  জম্মু আৰু কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্য্যদা কৰ্তন কৰাৰ পিছত এতিয়া উত্তৰ- পূৰ্বাঞ্চলৰ লোক সকলৰ মাজত সন্দেহ আৰম্ভ হৈছে। কিয়নো জম্মু আৰু কাশ্মীৰৰ দৰে যদি উত্তৰ-পূৰ্বাঞ্চলৰো যিসমূহ বিশেষ সুবিধা আছে, সেইসমূহো হয়তো তেওঁলোকে লাহে লাহে গুচাই দিব।' 

আনহাতে,এনআৰচিৰ কথা উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত এতিয়া এনআৰচিক লৈ যি খেলিমেলি হৈছে,তাত হাজেলাৰ যি কৰ্মকাণ্ড সেয়া দেখি মই আচৰিত হৈছোঁ। একমাত্ৰ আৰএছএছক সন্তুষ্টি দিবৰ বাবেই হাজেলাই মুছলমান লোকসকলক হাৰাশাস্তি কৰিছে।' 


'হিন্দুয়েই হওক বা মুছলমানেই হওক,এনআৰচিত প্ৰকৃত ভাৰতীয়ৰ নাম কোনেও কাটিব নোৱাৰে। কিন্তু এই এনআৰচিখনত বহুত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিব আৰু বহুতো অবৈধ বিদেশীৰ নাম যে সোমাব সেয়া নিশ্চিত। হাজেলা এই ক্ষেত্ৰত ব্যৰ্থ হৈছে,গতিকে তেওঁ যিমান পাৰে এই কামৰ পৰা দূৰত থাকক' বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। 

সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা অসমৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ পদত্যাগ কৰাৰ কথা উল্লেখ কৰি কয়-'টিকট পোৱালৈকে কংগ্ৰেছ ভাল আছিল,কিন্তু এতিয়া কংগ্ৰেছ বেয়া হ'ল। কালি যে সংসদত বিলখন আনিব,তেওঁ কেনেকৈ আগতীয়াকৈ গম পালে। তেওঁৰ হয়তো বিজেপিৰ লগত ভিতৰি মিত্ৰতা আছে।'


'ভুৱনেশ্বৰ কলিতা বিজেপিলৈ নগৈ ক'লৈ যাব।যদি ভুৱনেশ্বৰ কলিতাই বিজেপিত যোগদান নকৰি কংগ্ৰেছ দলতে থাকে, তেনেহলে মই তেওঁৰ ওচৰত মোৰ ভুলৰ বাবে ক্ষমা খুজিম' বুলিও তৰুণ গগৈয়ে মন্তব্য কৰে। 

'ঢৌত গ'লে গৰাখহনীয়া হ'বই।কাৰণ বিজেপি ললীপপ দিয়াত ভাল।কংগ্ৰেছত থাকিলে ভুৱনেশ্বৰ কলিতাৰ মুখ্যমন্ত্ৰী হোৱাৰ যিমান সুবিধা আছে,বিজেপিত কিন্তু অলপো সেই সুবিধা নাই। ২০০৪ চনত ভুৱনেশ্বৰ কলিতাই মন্ত্ৰিত্বৰ বাবে দলৰ সভাপতিৰ পদ গ্ৰহণ কৰা নাছিল' বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয়।

Your Comments