বটদ্ৰৱাৰ ধূপগুৰিত অগ্নিকাণ্ডত বিস্তৰ ক্ষয়-ক্ষতি

fire

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা

 

নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ ধূপগুৰিত দেওবাৰে নিশা এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় ।দেওবাৰে নিশা ১-৩০ বজাত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত ধূপগুৰি বজাৰৰ সমীপত অৱস্থিত ডাকঘৰ,পাণ-তামোলৰ দোকান,চাহৰ দোকান,দৰ্জীৰ দোকানকে ধৰি পাঁচখন দোকান ভষ্মীভূত হয়।বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ
ফলত সৃষ্টি হোৱা অগ্নিকাণ্ডৰ ফলত জুইত ডাকঘৰৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে মূল্যৱান সা-সম্পত্তি জাহ যায়।উল্লেখযোগ্য যে এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৬ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হোৱাৰ লগতে এই ঘটনাৰ পিছত স্থানীয় ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ।ইফালে,স্থানীয় লোকে
ঘটনাটো কোনো দুৰ্বৃত্তই সংঘটিত কৰিছে বুলি মত প্ৰকাশ কৰিছে ।

Your Comments