যোগ ক্ৰীড়াৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিছে নগাঁৱৰ ননৈৰ কিশোৰী ৰাজশ্ৰী

nagaon

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

যোগ চৰ্চাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে নগাঁৱৰ এগৰাকী কিশোৰী।শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণৰূপে বিবেচিত 'যোগাসন'ৰ জৰিয়তে জগত জিনাৰ সপোন কিশোৰী গৰাকীৰ । এই কিশোৰী গৰাকী হৈছে নগাঁও জিলাৰ ননৈ বিহৰিগাঁও নিৱাসী চন্দ্ৰকান্ত শৰ্মা আৰু জুনু শৰ্মাৰ কনিষ্ঠ কন্যা ৰাজশ্ৰী শৰ্মা । শংকৰদেৱ শিশু নিকেতন, আমোলাপট্টিৰ দশম শ্ৰেণীৰ ছাত্ৰী ৰাজশ্ৰী শৰ্মাই পঢ়া- শুনাৰ সমান্তৰালভাৱে 'যোগাসন' ক্ৰীড়াৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে।পঞ্চম শ্ৰেণীত পঢ়ি থকাৰ পৰাই যোগাসনৰ প্ৰতি আকৰ্ষিত হোৱা ৰাজশ্ৰীয়ে প্ৰাৰম্ভিক পৰ্যায়ত যোগ প্ৰশিক্ষক অঞ্জন কৌশিক শৰ্মাৰ তত্ত্বাৱধানত যোগাসনৰ  শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্থানত 'যোগাসন' প্ৰতিযোগিতাত ভাগ লৈ নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ সক্ষম হোৱা ৰাজশ্ৰীয়ে ৪০ সংখ্যক ৰাষ্ট্ৰীয় যোগ ক্ৰীড়াত চতুৰ্থ স্থান, ৪১ সংখ্যক ৰাষ্ট্ৰীয় যোগ ক্ৰীড়াত চতুৰ্থ স্থান আৰু ৪৩ সংখ্যক ৰাষ্ট্ৰীয় যোগ ক্ৰীড়া প্ৰতিযোগিতাত ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।nagao2

ইয়াৰোপৰি ৫৯, ৬০, ৬১, ৬২, ৬৩, ৬৪ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছতো অংশগ্ৰহণ কৰি ৰাজশ্ৰীয়ে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয়। শেহতীয়াকৈ ৰাজশ্ৰীয়ে সৰ্ব ভাৰতীয় যোগাসন কনফেডাৰেচন কাপ ২০১৯ত ভাগ লৈ সুন্দৰ প্ৰদৰ্শনেৰে থাই কাপত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে। আন্ত:ৰাষ্ট্ৰীয় যোগ ক্ৰীড়াত দেশক প্ৰতিনিধিত্ব কৰি সফলতা কঢ়িয়াই অনাৰ স্বপ্ন পুহি ৰখা ১৫ বছৰীয়া ৰাজশ্ৰীয়ে বৰ্তমান নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত “নিৰ্বাণ” ত অসম যোগ সন্থাৰ সম্প‍াদক তথা যোগগুৰু প্ৰভাত চন্দ্ৰ বৰাৰ তত্ত্বাৱধানত 'যোগ'ৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে বুলি পিতৃ চন্দ্ৰকান্ত শৰ্মা আৰু মাতৃ জুনু শৰ্মাই জনাইছে ।

Your Comments