বঙাইগাঁওঃ
উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ অধীনৰ বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁৱস্থিত ৰে'লৱে চিকিৎসালয়ত ভৰ্তিহৈ চিকিৎসা গ্ৰহণ কৰি থকা ৰে'ল বিভাগৰ এজন ৰোগী চিকিৎসালয়খনৰ পৰা নিৰুদিষ্ট হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, বৰপেটা জিলাৰ সৰভোগ ৰামপুৰগাঁও নিবাসী তথা সৰভোগ ৰে'ল ষ্টেচনৰ ৰে'লৱে বিভাগৰ স্থায়ী পথ বিভাগৰ কৰ্মচাৰী ৰজনী বণিক্য (৫৯)ক ৩ আগষ্টত বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে'লৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ জ্বৰ আৰু দূৰ্বলতাজনিত কাৰণত চিকিৎসকক দেখুৱাৰ পাছত সিদিনা ৰজনী বণিক্যক ভৰ্তি কৰোৱা হৈছিল ৷ সিদিনা বণিক্যৰ কন্যা দুলুমণি বণিক্যই পিতৃক চিকিৎসালয়ত ভৰ্তি কৰি জৰুৰী কামত ঘৰলৈ যোৱাৰ পাছতে পিছদিনা অৰ্থাৎ কালি পুৱাৰ ভাগৰ পৰা চিকিৎসালয়খনৰ পুৰুষ কোঠাৰ ১৪ নম্বৰ বিচনাৰ পৰা ৰোগীজন নিৰুদ্দেশ হয় ৷ এই সন্দৰ্ভত ৰজনী বণিক্যৰ কন্যা দুলুমণি বণিক্যই প্ৰকাশ কৰা মতে,৩ আগষ্টৰ নিশা এজন ৰোগীয়ে ৰজনী বণিক্যৰ অৱস্থা সংকটজনক বুলি খবৰ দিয়াৰ পিছত ৪ আগষ্টৰ পুৱা প্ৰায় ১০-৩০ বজাত বণিক্যৰ পুত্ৰ- কন্যা চিকিৎসালয়খনত আহি পায় যদিও ৰোগীজন নিৰুদিষ্ট হোৱা বুলি জানিব পাৰে ৷
পিছত চিকিৎসালয়ৰ চৌহদ আৰু অন্য ঠাইত ৰোগীজনক বিচাৰে যদিও কোনো ঠাইতে ৰোগী জনক বিচাৰি উলিয়াবলৈ সক্ষম ন'হল ৷ এই ক্ষেত্ৰত চিকিৎসালয় কৰ্তৃপক্ষইও সঠিক উত্তৰ দিবলৈ সক্ষম হোৱা নাই ৷ অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভ আৰক্ষীক অৱগত কৰা জানিবলৈ দিয়ে ৷ এই সম্পৰ্কত কোনো ফালৰপৰা কোনো সঁহাৰি নাপাই অৱশেষত ৰজনী বণিক্যৰ পুত্ৰ-কন্যাই আজি দুপৰীয়া নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰে ৷ আনহাতে এই সম্পৰ্কত চিকিৎসালয়খনৰ বৰ্তমান দায়িত্বত থকা চিকিৎসক ডাঃ তমঘ্ন দাসেও দায়সৰা মন্তব্য কৰে ৷ তেওঁ কয় যে চিকিৎসালয়ত নিৰাপত্তাৰ ব্যৱস্থা নাই ৷ গতিকে ৰোগী নিজে ওলাই গলে চিকিৎসালয় কৰ্তৃপক্ষৰ কোনো দায়িত্ব নাই ৷ আনহাতে ডাঃ তমঘ্ন দাসে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক সকলকো দুৰ্ব্যৱহাৰ কৰে ৷ ইপিনে উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নে এই নিখোজ ব্যক্তিজনৰ তৎকালে সন্ধান কৰাৰ লগতে এই ঘটনাৰ বাবে দোষী ব্যক্তি সকলৰ শাস্তিৰ দাবী জনাই চিকিৎসালয়খনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইউনিয়নৰ বঙাইগাঁও শাখাৰ সম্পাদক শম্ভু প্ৰসাদ দাসে কয় যে এজন ব্যক্তি চিকিৎসালয়ত ভৰ্ত্তি হোৱাৰ লগে লগে তেওঁৰ সমস্ত দ্বায়িত্ব চিকিৎসালয় কৰ্তৃপক্ষৰ ওপৰত আহি পৰে ৷ “যি সময়ত চিকিৱসালয়খনত ২৪ ঘণ্টাই চিকিৎসক, নাৰ্ছ তথা আন কৰ্মচাৰীৰ কৰ্তব্য থাকে , বিশেষকৈ সেই কোঠাটোতো দুজন চিকিৎসা কৰ্মীৰ কৰ্তব্য থাকে তেনেস্থলত ৰোগী এজন কেনেকৈ নোহোৱা হ'ব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ লগতে চিকিৎসাধীন ৰোগীক নিজে বিচনাৰ পৰা উঠি যাবলৈ কিয় দিয়া হ'ল তাৰ তদন্ত দাবী কৰাৰ লগতে ইউনিয়নে নিখোজ বণিক্যৰ অনতি পলমে সন্ধান উলিওৱাৰ লগতে এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষী বিষয়া- কৰ্মচাৰীৰ শাস্তি দাবী কৰিছে ৷ ইপিনে আৰক্ষীয়ে এই সন্দৰ্ভত এটি গোছৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷
- Log in to post comments
- 19 views