বিশেষ প্ৰতিনিধিঃ বঙাইগাঁওঃ
বঙাইগাঁও আই ভেলী বন সংমণ্ডলৰ উদ্যোগত আৰু এনিমেলচ (ANIMALS ) নামৰ বেচৰকাৰী সংগঠনৰ সহযোগত তথা ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ পৃষ্ঠপোষকতাত কালি (দেওবাৰে) পুৱা ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ আই ভেলী বন সংমণ্ডলৰ অধীনস্থ কাকৈজনা সংৰক্ষিত বনাঞ্চলত 'প্রকৃতি আৰু বন্যপ্ৰাণী'ক বিষয়স্তু হিচাবে লৈ এখনি ৰাজ্যিক ভিত্তিক আলোকচিত্ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই অনুষ্ঠানত অসম চৰকাৰৰ বন বিভাগৰ ব্ৰেণ্ড এম্বেছেডৰ আনন্দ খাতানিয়াৰ আৰু সামাজিক বনানীকৰণ বিভাগৰ নামনি অসমৰ বন সংৰক্ষক ডাঃএচ ইউ চৌধুৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
এই আলোকচিত্ৰ প্রতিযোগিতাত মুঠ ৩৭ গৰাকী প্ৰতিযোগীয়ে অংশ লয় । এই প্ৰতিযোগীসকলৰ ভিতৰত পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ পৰা অহা ফটোগ্রাফী ট্যুৰ অপাৰেটৰ ৰূপক ঘোষ দস্তিদাৰ আৰু বৰপেটা ৰোডৰ তপন পণ্ডিতে নিজৰ নিজৰ আলোকচিত্ৰৰ বাবে প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে ৷ প্ৰতিযোগিতাৰ শেষত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত পুৰস্কাৰসমূহ প্ৰদান কৰা হয় ৷ প্ৰথম পুৰস্কাৰ হিচাপে ৰূপক ঘোষ দস্তিদাৰক পাঁচ হেজাৰ টাকা আৰু প্ৰমাণপত্ৰ আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে তপন পণ্ডিতক দুহেজাৰ টকা আৰু এখন প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ উল্লেখ্য যে পুৰস্কাৰ বিজয়ী প্ৰতিযোগীদ্বয়ৰ লগতে প্ৰতিযোগিতাখনত অংশগ্রহণকাৰী সকলো প্ৰতিযোগীকে অংশগ্ৰহণ কৰাৰ প্ৰমাণপত্র প্ৰদান কৰা হয়। পুৰস্কাৰৰ ধন ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ তৰফৰ পৰা আগবঢ়োৱা হয় ৷
- Log in to post comments
- 57 views