চুঙাজান দবা একাডেমীৰ প্ৰশংসনীয় প্ৰদক্ষেপ :  আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ ছাত্ৰ ছাত্ৰীক আগুৱাই নিয়াৰ প্ৰয়াস

sungajan

নিউজ ডেস্ক : 

ছাত্র ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশৰ লগতে নৱপ্ৰজন্মক আগুৱাই নিয়াৰ উদ্দেশ্যেৰে ধনশিৰি মহকুমাৰ চুঙাজান দবা একাডেমীয়ে ৪ আগষ্টত চুঙাজানৰ চঞ্চ মেমৰিয়েল ইংলিছ একাডেমীত ৰেপিড পদ্ধতিত এখনি দবা প্ৰতিযোগিতা আয়োজন কৰে।উক্ত প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় ১৫০ গৰাকীৰো অধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়। 
উক্ত দবা প্ৰতিযোগিতাখন আয়োজন কৰাত চুঙাজানৰ কেইবাটাও ছাত্র সংগঠনে পূৰ্ণ সহযোগিতা আগবঢ়ায়। অনুষ্ঠানটোৰ এনে প্ৰশংসনীয় পদক্ষেপক আদৰণি জনাইছে অঞ্চলবাসীয়ে।

সৰুপথাৰৰ পৰা নবীন বৰাৰ প্রতিবেদন :

Your Comments