ভৱনীপুৰৰ পৰা বুবু কলিতাৰ প্রতিবেদন :
আজি হাউলীৰ সমীপৰ মাদলীজাৰত এখন চাৰিচকীয়া বাহনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে ৰাস্তাৰ দাতিত থকা গছ এডালত খুন্দা মাৰি বাগৰি পৰে । জানিব পৰা মতে গাড়ীখন সৰভোগৰ পৰা কলগছিয়া অভিমুখে গৈ আছিল। ইয়াৰ মাজতেই সংঘটিত হয় ঘটনাটো। দুৰ্ঘটনাটোত দুজন লোক গুৰুতৰ ভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।স্থানীয় লোকৰ মতে গাড়ীখনৰ তীব্ৰ গতিয়ে এই দুৰ্ঘটনাৰ কাৰণ আছিল।
- Log in to post comments
- 35 views