বিলাসীপাৰাত ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা বিতৰণ জিলা ইউ ডি এছ এফ-ৰ

বিলাসীপাৰাৰ প্ৰতিবেদক

বিলাসীপাৰা জিলা ইউ ডি এছ এফৰ সভাপতি আবু হানিফা আৰু কেন্দ্ৰীয় যুৱ মৰ্চাৰ উপ-সভাপতি অধিবক্তা মমিনুল ইছলামৰ উদ্যোগত ডঃ এ পি জে আব্দুল কালাম একাডেমীত গীষ্মকালীন বিনামূলীয়া পাঠদান কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা বিতৰণী সভা অনুষ্ঠিত কৰে। উল্লেখ্যোগ্য যে যোৱা জুলাই মাহৰ ১ তাৰিখৰ পৰা ৩১ জুলাই তাৰিখলৈকে নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ গীষ্মকালীন বিনামূলীয়া পাঠদান কৰা ছাত্ৰ-ছাত্ৰীক ১ম স্থান লাভ কৰা জনক ১০০০ হেজাৰ টকা পুৰুষ্কাৰ২য় স্থান লাভ কৰা জনক ৭০০ টকা আৰু ৩য় স্থান লাভ কৰা জনক ৫০০ টকা পুৰষ্কাৰ দিয়ে আৰু লগতে এখনকৈ মানপত্র বিতৰণ কৰে। ইয়াৰ উপৰি দশম স্থান লাভ কৰা পৰ্যন্ত লাভ কৰা ছাত্ৰ-ছাত্ৰীক এখনকৈ মানপত্র বিতৰণ কৰে লগতে আৰু বিনামূলীয়া পাঠদান কৰা শিক্ষক-শিক্ষয়িত্রীক এখনকৈ মানপত্র আৰু ফুলাম গামোচাৰে সন্বৰ্ধনা জনায়। উক্ত বঁটা বিতৰণী সভাখনত কেন্দ্ৰীয় সভাপতি জেহেৰুল ইছলাম,  বিশিষ্ট অতিথি বিলাসীপাৰা জিলা এআইইউডি  এফৰ সভাপতি হাজী আব্দুল খালেক,  কেন্দ্ৰীয় যুৱ মৰ্চাৰ উপ-সভাপতি পলায়ন সুত্রধৰ আদিকে ধৰি বিভিন্ন পদবীদাৰী ব্যক্তি উপস্থিত থাকে।

Your Comments