নামৰূপত 'আছা'ৰ অভিনন্দন অনুষ্ঠান

asa

নামৰূপৰ পৰা সমীৰণ বৰুৱা

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) নাহৰকটীয়া আঃ সমিতিৰ উদ্যোগত তথা আছাৰ নামৰূপ  সমিতিৰ সহযোগত অলপতে চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আদিবাসী জনগোষ্ঠীয় কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে নামৰূপ বি.ভি.এফ.চি.এল. অফিচাৰ ক্লাৱত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত সভাপতিত্ব কৰে আছাৰ নাহৰকটীয়া আঃ সমিতিৰ সভাপতি জিতেন উৰাঙে। আদৰণি ভাষণ ও উদ্দেশ্য ব্যাখা কৰে আছাৰ নাহৰকটীয়া আঃ সমিতিৰ সম্পাদক মিখেল পুৰ্তীয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে আছাৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন সম্পাদক তথা আছাৰ নাহৰকটীয়া আঃ সমিতিৰ মুখ্য উপদেষ্টা জন লাকড়া, আছাৰ ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক মিঠু কিস্কু, সদৌ অসম আদিবাসী সুৰক্ষা সমিতি নামৰূপ আ: সমিতিৰ সভাপতি মনোজ দাস, নামৰূপ পাব্লিক এম.ই. স্কুলৰ প্ৰধান শিক্ষক শুভানন্দ আৰেয়া আৰু আছা টিংখাং আ: সমিতিৰ জীৱন গোৱালা।

Your Comments