মৰিগাঁৱৰ সৰুচলা গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ শিশুৰ মৃত্যু

electric2

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম

যমদূতত পৰিণত হৈছে ৰাজ্যৰ বিদ্যুৎ বিভাগ। বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবেই অকালতে প্ৰাণ হেৰুৱাব লগা হ’ল এটি আঠ বছৰীয়া শিশুয়ে। ঘটনাটো সংগঠিত হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত সৰুচলা গাঁৱত। ফুৰকান আলীৰ পুত্ৰ হাছেন আলী(৮) পুৱা ঘৰৰ পৰা ওলাই যাওঁতে ৰাস্তাত পৰি থকা বিদ্যুতৰ তাঁৰ নেদেখা কৈ ভৰি দিয়াত বিদ্যুৎষ্পষ্ট হৈ শিশুটিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ফুৰকান আলীৰ দুই যমজ পুত্ৰ হাছেন আলী আৰু হুছেন আলী সেয়ে হাছেন আলীৰ মৃত্যুত যমজ ভাই হুছেন আলীৰো গাত জ্বৰ উঠে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। বিদ্যুৎ বিভাগৰ  দায়িত্বহীন বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মৃত হাচেন আলীৰ  পৰিয়ালবৰ্গই। ঘটনাস্থলীত মৈৰাবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

Your Comments