বৰখালাৰ নাট কৰ্মশালাৰ সামৰণিত 'ঝুলনা' আৰু 'পিতা-পুত্ৰ' মঞ্চস্থ

meet

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

 

নলবাৰী জিলাৰ বৰখালাৰ 'ঈশ্বৰী সামাজিক সাংস্কৃতিক অনুষ্ঠান'ৰ উদ্যোগত ষ্টাৰ এভাৰগ্ৰীণ ডেভলপমেণ্ট ছ'চাইটি আৰু ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত যোৱা ৫ জুলাইৰ পৰা অনুষ্ঠিত কৰা এমাহজোৰা গ্ৰীস্মকালীন নাট কৰ্মশালাৰ যোৱা ৩ আৰু ৪ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰে৷কাৰ্যসূচী  অনুযায়ী ৩ আগষ্টৰ পুৱা  পতাকা উত্তোলন,স্মৃতি তৰ্পণ,চিত্ৰাংকণ প্ৰতিযোগিতা,ধনচা আলী চিত্ৰপ্ৰদৰ্শনী উদ্বোধন,সন্ধিয়া প্ৰয়াত সাংবাদিক চালেহউদ্দিন চৌধুৰী সোঁৱৰণী মঞ্চ উদ্বোধন,জ্যোতি সংগীত আৰু আধুনিক গীত প্ৰতিযোগিতাৰ অন্তত নিশা কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা এখন আকৰ্ষনীয় নাট মঞ্চস্থ কৰে৷কৰ্মশালাৰ প্ৰশিক্ষক তথা নাট্যকাৰ বুবুল কলিতাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত নাট 'ঝুলনা'ই সকলো দৰ্শকেকে মোহিত কৰিছিল৷

meet

আনহাতে, ৪ আগষ্টৰ পুৱা ভেশচন প্ৰতিযোগিতা,সন্ধিয়া মুকলি আৰু  বঁটা বিতৰণী সভা,বন্তি প্ৰজ্বালন, প্ৰয়াত হৰেশ্বৰ দেৱ শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ,নিশা নাট উদ্বোধন,নাট উদ্বোধন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম শিল্পী সন্থাৰ সভাপতি পংকজ পল্লৱ শৰ্মা আৰু অভিনেতা মোহন কলিতাই৷ইয়াৰ পিচতে ঈশ্বৰীৰ শিল্পীবৃন্দৰদ্বাৰা পৰিক্ষীত হালৈ ৰচিত আৰু বুবুল কলিতাৰ পৰিচালনাৰে পিতা-পুত্ৰ নামৰ নাটখন মঞ্চস্থ কৰে৷দৰ্শকৰে ঠাহ খাই পৰা প্ৰেক্ষাগৃহত জাউৰি- জাউৰিয়ে হাত চাপৰিৰ মাজত নাটখন সমাপন হয়৷ সুন্দৰ পোহৰ নিক্ষেপ,সাৱলীল সংগীত,দৃশ্যসজ্জা আদিৰে নাটখন উপভোগ্য কৰি তুলিবলৈ সক্ষম হৈছে৷ ষষ্ঠ বৰ্ষৰ বাবে আয়োজিত উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰথম দিনা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক গিৰীশ চন্দ্ৰ দাস,সমাজকৰ্মী কালীচৰণ শৰ্মা আৰু দ্বিতীয় দিনা উত্তৰ-পূব ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যক সম্বৰ্ধনা জনায়৷দুয়োদিনে অনুষ্ঠানৰ আঁত ধৰে কমল বৈশ্য আৰু খনীন দাসে৷

Your Comments