নগাঁৱৰ বেবেজীয়াত "ফ্ৰেণ্ডছ- এ হেল্পিং হেণ্ড"ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

nagao

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা : 

২০০৭ চনৰ ৪ আগষ্টত প্ৰতিষ্ঠা হোৱা নগাঁও জিলাৰ বেবেজীয়াৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান "ফ্ৰেণ্ডছ - এ হেল্পিং হেণ্ড"ৰ ১৩ সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৰবিবাৰে উদযাপন কৰা হয় । এই উপলক্ষে পুৱা ফ্ৰেণ্ডছৰ মুখ্য কাৰ্য্যালয় প্ৰাংগনত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সভাপতি ৰবীন শৰ্মা ফুকনে । ইয়াৰ পাছতে বৃক্ষৰোপণৰ শুভাৰম্ভ কৰে সাধাৰণ সম্পাদক ললিত বেজবৰাই । অভিনেতা ৰাজেন শৰ্মাৰ তত্বাৱধানত অঞ্চলটোৰ মাহৰিআটী, কমাৰচুক আৰু বেবেজীয়াৰ গড়কাপ্তানী পথৰ দুয়োকাষে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয় । দুপৰীয়া ''শংকৰ-মাধৱ চিত্ৰকলা বিদ্যালয়"ৰ সহযোগত চিত্ৰাংকন আৰু শ্ৰুতলিপি প্ৰতিযোগিতাত অঞ্চলৰ তিনি শতাধিক প্ৰতিযোগীয়ে যোগদান কৰে ।

nagao উল্লেখযোগ্য যে চিত্ৰাংকন প্ৰতিযোগিতাৰ 'ক' শাখাত বন্দিতা বেজবৰা প্ৰথম,সুমন কুমাৰ নাথ দ্বিতীয়,ধৰ্মিষ্ঠা প্ৰিয়দৰ্শনা দাস তৃতীয় আৰু নৱনীতা শৰ্মাই নিচুকনি পুৰষ্কাৰ লাভ কৰাৰ বিপৰীতে 'খ' শাখাত
কৃষ্ণ মণি বৰা প্ৰথম,দ্বীপ জ্যোতি নাথ দ্বিতীয়,বিকাশ জ্যোতি নাথ তৃতীয় আৰু কৃষ্ণাংগিনী শইকীয়াই নিচুকনি পুৰষ্কাৰ লাভ কৰে । ইপিনে শ্ৰুতলিপি প্ৰতিযোগিতাৰ অসমীয়াৰ 'ক' শাখাত কৃষ্ণাংগিনী শইকীয়া প্ৰথম,বাচাপী ৰংহাংপী দ্বিতীয়,প্ৰজ্ঞাশ্ৰী বৰদলৈ তৃতীয় আৰু 'খ' শাখাত প্ৰত্যাশা বৰা প্ৰথম, কমল নয়ন মগৰ দ্বিতীয়, দেৱাশীষ শৰ্মা তৃতীয় তথা ইংৰাজীৰ 'ক' শাখাত কৃষ্ণাংগিনী শইকীয়া প্ৰথম,পৰিস্মীতা দাস দ্বিতীয়,কুইন শইকীয়া তৃতীয় আৰু'খ' শাখাত কমল নয়ন মগৰ প্ৰথম,পৰাগ বনিয়া দ্বিতীয় আৰু পল্লৱ শৰ্মাই তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় । দুয়ো খন প্ৰতিযোগিতাত বিচাৰকৰূপে উপস্থিত থাকে বেবেজীয়াৰ পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণ দুলাল বৰুৱা,সহকাৰী শিক্ষক অৰূপ বেজবৰা,নগাঁও মহাবিদ্যালয়ৰ অতিথি অধ্যাপক অচ্যুৎ প্ৰবৰ শৰ্মা আৰু শংকৰ-মাধৱ চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱা । প্ৰতিযোগিতাৰ অন্তত ফ্ৰেণ্ডছৰ সাধাৰণ সম্পাদক ললিত বেজবৰাই আঁত ধৰা বঁটা বিতৰণী সভাত অধ্যক্ষ কৃষ্ণ দুলাল বৰুৱা,ডাঃ লোকেন ভট্টাচাৰ্য, জ্যেষ্ঠ আৰক্ষী বিষয়া গিৰীশ বৰা, শিল্পী ৰাজেন শৰ্মা, অভিনেতা প্ৰদীপ শৰ্মা,সমাজকৰ্মী প্ৰদীপ কাকতি,সাংবাদিক দেবজিৎ হাজৰিকা,সমাজকৰ্মী হিতৰাম বৰা, বকুল বৰা,বেবেজীয়া  ভোগেশ্বৰ হাজৰীকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ তৰুণ চন্দ্ৰ দাস, অৰূপ বেজবৰা আদি উপস্থিত থাকি পুৰস্কাৰসমূহ বিতৰণ কৰে ।

Your Comments