ঘগ্ৰাপাৰত পাগলদিয়া নৈৰ  খহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ

kesab

নৰেন শৰ্মা,বাহাৰঘাট :

ৰাজ‍্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাক সংগীকৰি লৈ দেওবাৰে নলবাৰী জিলাৰ  নলবাৰী বিধান সভা সমষ্টিৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পাগলদিয়া নৈৰ মাজুশিৰালৰ মথাউৰিৰ গৰাখহনীয়া পৰিদৰ্শন কৰে।উল্লেখ‍্য‍ যে ঘগ্ৰাপাৰ ৰাজহ চক্ৰটোৰ বালিতাৰা আৰু চটাইবাৰী গাঁও পঞ্চায়তত পাগলদিয়া নৈৰ উম্মুক্ত মথাউৰিৰে নৈৰ পানী সোমাই অহাৰ ফলত অঞ্চলটোৰ প্ৰায় কুৰিখন গাঁৱৰ বিস্তাৰ ক্ষতি সাধান হোৱা লগতে ৰাইজে আশ্ৰয় শিবিৰ থাকিব লগাত পৰিছিল।ইফালে পাগলদিয়া নৈয়ে সুঁতি সলনি কৰি অঞ্চলটোৰ কেবাটাও ঠাইৰ মথাউৰিত গৰাখহনীয়াৰ সৃষ্টি কৰি নৈপৰীয়া ৰাইজৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। আজি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই উক্ত স্থান পৰিদৰ্শন কৰাৰ লগতে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মাজুশিৰালৰ পাগলাদিয়া নৈয়ে সৃষ্টি কৰা প্ৰায় ডেৰ কিলোমিটাৰ মথাউৰিৰ গৰাখহনীয়া পৰিদৰ্শন কৰে।মন্ত্ৰী গৰাকীয়ে মথাউৰিতো পৰিভ্ৰমণ কৰি  সংবাদ মাধ্যমৰ আগত কয় যে নৈখনে ইতিমধ্যে সুঁতি সলনি কৰিছে।যাৰ পৰিপ্ৰেক্ষিতত নৈখন মাজুশিৰালৰ মথাউৰিৰ ফালে গতি কৰি আহিছে।মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নৈখনৰ মথাউৰিটো দুৰ্বল হৈছে,আগন্তুক দিনত মথাউৰিতোৰ লগতে নৈখনৰ খহনীয়া ৰোধৰ আঁচনি গ্ৰহণ কৰিব বুলিও আশ্বাস দিয়ে।ইফালে নৈ খনৰ বৰখাটা (পলবাৰীৰ) উম্মুক্ত মথাউৰিতো নিৰ্মাণৰ ক্ষেত্ৰত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী মহন্তই কয় যে উক্ত ঠাইত মথাউৰিতো নিৰ্মাণৰ বাবে ইতিমধ্যে বিভাগক প্ৰাক্ কলন দিয়া হৈছে, যদিও তাত গড়কাপ্তানী বিভাগৰো কিছু কাম থাকিব বুলিও তেওঁ সদৰী কৰে।ইয়াৰ পিছত মন্ত্ৰী গৰাকীয়ে বিধায়ক অশোক শৰ্মা,নলবাৰী জলসম্পদ বিভাগ বিষয়া -কৰ্মচাৰীক,লগত লৈ ২নং খাতা গাঁও পঞ্চায়তৰ নমাটি মৰাপাগলদিয়াৰ উপনৈ চেংনৈৰ বানবিধ্বস্ত অঞ্চলৰ লগতে গৰাখহনীয়া পৰিদৰ্শন কৰে।তাৎপৰ্যপূৰ্ণ কথা এয়ে যে উক্ত  মথাউৰি সমূহ নিৰ্মাণৰ ব্যৱস্থা নকৰিলে অনাগত দিনত এজাক বৰষুণ আহিলেই বানত ডুবি থাকিব লাগিব উক্ত অঞ্চল সমূহৰ ৰাইজ।সেয়া যি কি নহওঁ‌ক মন্ত্ৰী কেশৱ মহন্তৰ এই আশ্বাস কেতিয়ালৈকে কাৰ্যক্ষেত্ৰত পৰিণত হয় তালৈ  ৰাইজে এতিয়া অপেক্ষা কৰিছে।

Your Comments