নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
নগাওঁ জিলাৰ জাজৰি অাৰক্ষীৰ অভিযানত শনিবাৰে নিশা থানা খনৰ এলেকাধীন ৰহঢলা আৰু চমুৱাগাঁৱত কেইবাটাও চুলাই ঘাটি উচ্ছেদ কৰাৰ লগতে ২০০ লিটাৰ অধিক চুলাই মদো জব্দ কৰে। অভিযান কালত জাজৰি অাৰক্ষীয়ে কেইবাজনো সুৰামত্ত লোকক আটক কৰে যদিও অবৈধ চুলাই ঘাটি চলাই থকা কোনো ব্যক্তিকে অাটক কৰিবলৈ সক্ষম নহ'ল। উল্লেখ্য যে, জাজৰি আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ থানাৰ অন্তৰ্গত বগৰিগুৰি, ৰহঢলাকে ধৰি কেইবাখনো গাঁৱত চুলাই ঘাটি চলি থকাৰ লগতে ভালুকমাৰী, কাকমাৰী, জামুগুৰি, নমাটি, কমাৰচুক,ৰাইডংগীয়া,জাজৰি, চকলাঘাট আদি অঞ্চলত অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি আছে।এইক্ষেত্ৰত জাজৰি আৰক্ষীয়ে যোৱা নিশা মাত্ৰ দুটা স্থানত অভিযান চলোৱা কাৰ্যই আৰক্ষীৰে একাংশ অবৈধ সুৰা বেপাৰীৰ গোপন মিতিৰালি থকা বুলি সন্দেহ প্ৰকাশ কৰিছে জাজৰি অঞ্চলৰ সচেতন ৰাইজে।
- Log in to post comments
- 13 views