সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :
উজনি অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান সোণাৰি মহাবিদ্যালয়ে সোণালী জয়ন্তী বৰ্ষত উপনীত হোৱাত মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী অনুষ্ঠানটি বৰ্ষজোৰা কাৰ্যসূচীৰে পালন কৰিবলৈ প্ৰস্তুতি চলাইছে।সেই উপলক্ষে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তপন কুমাৰ গগৈক সভাপতি আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ বিমল চন্দ্ৰ গগৈক মুখ্য সম্পাদকৰূপেলৈ উদযাপন সমিতি এখন গঠন কৰা হৈছে। উক্ত বৰ্ষজোৰা কাৰ্যসূচীৰ শুভ উদ্বোধনী অনুষ্ঠানটি অহা কাইলৈ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব। উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি উদযাপন সমিতিৰ সভাপতি তপন কুমাৰ গগৈৰ লগতে ৫০ গৰাকী বিশিষ্ট ব্যক্তিৰদ্বাৰা সোণালী জয়ন্তী বৰ্ষৰ ৫০ খন পতাকা উত্তোলন কৰাৰ পাছতে মুখ্য সম্পাদক ড° বিমল চন্দ্ৰ গগৈয়ে স্মৃতি তৰ্পণ কাৰ্য্যসূচী মুকলি কৰিব। প্ৰাক্তন অধ্যক্ষ ৰবিন চন্দ্ৰ কোঁৱৰে বৃক্ষ ৰোপন কৰাৰ পাছতেই প্ৰাক্তন ছাত্র ছাত্ৰী ভৱনৰ লাইখুটা স্থাপন কৰিব প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ বৰগোহাঁয়ে। চৰাইদেউ জিলাৰ উপায়ুক্ত দীপক কুমাৰ সন্দিকৈয়ে নৱনিৰ্মিত কেণ্টিন উদ্বোধন কৰাৰ পিছতেই সাংসদ তপন কুমাৰ গগৈয়ে পুথিভঁৰালৰ নৱনিৰ্মিত বৰ্দ্ধিত গৃহৰ উদ্বোধন কৰিব। প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ বৰগোহাঁই উদ্বোধন কৰিবলগীয়া মুকলি সভাখনত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰঞ্জিত তামুলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে খাদ্য সংসাধন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, চৰাইদেউ জিলাৰ উপায়ুক্ত দীপক কুমাৰ সন্দিকৈ, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। আবেলিলৈ মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ বিপিন শৰ্মাই উদ্বোধন কৰিব লগীয়া প্ৰাক্তন ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ অন্তৰংগ আলাপ অনুষ্ঠানৰ সঞ্চালনা কৰিব প্ৰাক্তন অধ্যক্ষা ৰতিপ্ৰভা গগৈয়ে। সন্ধিয়া মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যাপিকা সোনমাই বৰাই বন্তি প্ৰজ্বলন কৰাৰ পাছত আন্তঃ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী তথা সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ খগেন গগৈয়ে সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰিব।
- Log in to post comments
- 35 views