নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, স্বেচ্ছাসেৱী সংগঠন 'সাৰথি'ৰ সম্পাদক তথা বিদ্যাভাৰতী কণিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালন সঞ্চালক ধ্ৰুৱজ্যোতি বৰুৱাক নতুন দিল্লীৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ অায়োগ অাৰু দুৰ্নীতি নিবাৰক সংস্থাই যোৱা ১৭ জুলাইত অসম ৰাজ্যিক সমিতিৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰিছে। নতুন দিল্লীৰ মুখ্য কাৰ্য্যালয়ৰ পৰা প্ৰেৰণ কৰা এই নিযুক্তি পত্ৰত স্বাক্ষৰ প্ৰদান কৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ অায়োগ অাৰু দুৰ্নীতি নিবাৰক সংস্থাৰ ৰাষ্ট্ৰীয় সভাপতি ড° বীৰেণ ডাভে অাৰু ৰাষ্ট্ৰীয় অধ্যক্ষ , অধিবক্তা কে বিজয়াৰাঘাবনে। নৱ নিযুক্ত অসম ৰাজ্যিক সভাপতি ধ্ৰুৱজ্যোতি বৰুৱাক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ অায়োগ অাৰু দুৰ্নীতি নিবাৰক সংস্থাৰ উত্তৰ- পূৱৰ দায়িত্বত থকা শ্ববনম চুলতানাকে ধৰি নগাঁৱৰ বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে।
- Log in to post comments
- 29 views