সংখ্যাগৰিষ্ঠতা প্ৰমানেৰে বিজেপিয়ে গঠন কৰিলে হোজাই জিলা পৰিষদ

hojai

হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :

অৱশেষত শনিবাৰে নতুনকৈ গঠণ কৰা হ'ল হোজাই জিলা পৰিষদ।বিজেপি দলৰ নেতৃত্বতেই গঠন হয় এইবাৰৰ জিলা পৰিষদখন। কংগ্ৰেছ দলৰ দখলত থকা হোজাই জিলা পৰিষদৰ খনৰ সদস্য সকলৰ মাজত হোৱা গৃহ কন্দলৰ পৰিণতিতেই বিজেপি দললৈ জিলা পৰিষদখন গঠনৰ সুযোগ আনি দিয়ে। কংগ্ৰেছ দলৰ পৰা বহিষ্কৃত হোৱা জিলা পৰিষদৰ একাংশ সদস্যই বিজেপিৰ পক্ষে ভোট প্ৰদান কৰিয়েই পৰিষদখন গঠনত দলটোক সহায় কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, কংগ্ৰেছৰ দখলত থকা হোজাই জিলা পৰিষদৰ পূৰ্বৰ সভানেত্ৰী ৰেজিয়া চুলতানাৰ শাসন কালত জিলা পৰিষদত অচলা অৱস্থাৰ সৃষ্টি হোৱা বুলি ৰেজিয়া চুলতানাৰ বিৰুদ্ধে যোৱা ৩ জুলাই তাৰিখে বিজেপিৰ ৬ গৰাকীকৈ সদস্যই হোজাইৰ জিলা উপায়ুক্তৰ কাৰ্যালত হোজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী পংকজ কুমাৰ ডেকাৰ ওচৰত অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল ।আৰু সেই অনুসৰি যোৱা ২৫ জুলাইত ১২ গৰাকী সদস্যৰ ভিতৰত ৬ গৰাকী বিজেপি আৰু ২ গৰাকী কংগ্ৰেছ সদস্যই বিজেপিৰ পক্ষে ভোটদান কৰি কংগ্ৰেছ নেতত্বাধীন হোজাই জিলা পৰিষদ খন ভংগ কৰে। জিলা পৰিষদৰ কংগ্ৰেছৰ ২ সদস্যই বিজেপিৰ পক্ষে ভোট‌প্ৰদান কৰাৰ অপৰাধত ডবকাৰ জিলা পৰিষদৰ সদস্য নুৰ আহমেদ ,নীলবাগান জিলা পৰিষদৰ সদস্য নেৱাজ উদ্দিন সহ ৯ গৰাকী এ পি মেম্বাৰক কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰিছিল দলীয় নেতৃত্বই।অৱশেষত শনিবাৰে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ত ১২ গৰাকী জিলা পৰিষদৰ সদস্যক লৈ  অনুষ্ঠিত কৰা নিৰ্বাচনত বিজেপিয়ে ৮ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতাৰে হোজাই জিলা পৰিষদ খন গঠন কৰিবলৈ সক্ষম হয়।ইয়াৰে ৮ খন আসনৰ ভিতৰত কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ হোৱা জিলা পৰিষদৰ ২ নিৰ্দলীয় সদস্যই বিজেপিৰ পক্ষে ভোট প্ৰদান কৰাত সংখ্যাগৰিষ্ঠ তাৰে বিজেপিয়ে হোজাই জিলা পৰিষদ গঠণ কৰে ।এই জিলা পৰিষদ গঠণৰ পিছতেই নব নিৰ্বাচিত জিলা পৰিষদৰ সভানেত্ৰী হিচাপে ৰামাবাল দেৱী আৰু উপ সভাপতি হিচাপে নুৰ আহমেদক দায়িত্বভাৰ প্ৰদান কৰা হয় ।

Your Comments