স্বেচ্ছাসেৱী সংগঠন "সহায়" ৰ উদ্যোগত শিৱসাগৰৰ বানাক্ৰান্ত এলেকাত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন

sahai

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন :

শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান  "সহায়"ৰ উদ্যোগত শনিবাৰে গৌৰিসাগৰ উন্নয়ন খণ্ডৰ অধীনৰ হাতীঘুলিৰ শিলপুখুৰী মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত এটি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। উক্ত স্বাস্থ্য শিবিৰত বৃহত্তৰ হাতীঘুলি অঞ্চলৰ কেইবা শতাধিক বানাকান্ত ৰাইজে অংশ গ্ৰহণ কৰে। "সহায়"ৰ লগতে উক্ত স্বাস্থ্য শিবিৰত সহযোগ কৰে শিৱসাগৰ জিলা স্বাস্থ্য বিভাগ আৰু গৌৰিসাগৰ প্ৰাথমিক স্বাস্থ্য বিভাগে। sib

উক্ত স্বাস্থ্য শিবিৰত ডাঃ মাখন কলিতা, ডাঃ চন্দন কোঁৱৰ, ডাঃ অভিশেষ খান্দেলিয়া, ডাঃ শিখৰ জ্যোতি ভূঞা আৰু ডাঃ চানজামা চানে অংশ গ্ৰহণ কৰি শিবিৰলৈ অহা লোক সকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ঔষধো প্ৰদান কৰে। শিবিৰত স্বাস্থ্য প্ৰশিক্ষক দ্বিজেন দত্ত, বহুমূখী স্বাস্থ্য কৰ্মী দুলাল কটকী, দেৱজিত শৰ্মা, সংগীতা গগৈ, অতুল কটকীয়ে অংশ গ্ৰহণ কৰে।  শিবিৰত চকু আৰু মেলেৰীয়া ৰোগৰো পৰীক্ষা কৰা হয়। নেত্ৰ সহায়ক ৰুহিনী পাচনী, মেলেৰীয়া বিভাগৰ কৰ্মচাৰী ডিম্বেশ্বৰ চেতিয়া, মুলুকা বৰুৱাৰ লগতে  বহু কেইগৰাকী নাৰ্চে সেৱা আগবঢ়ায়। 

স্বাস্থ্য শিবিৰৰ আৰম্ভণিতে শিলপুখুৰী হাইস্কুলৰ প্ৰধান শিক্ষক সুভন বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে "সহায়"ৰ সম্পাদক কল্যানজ্যোতি বুঢ়াগোহাঁইয়ে।তনুজ তন্ময় গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত সহায়ৰ সভাপতি পংকজ টিপমীয়া, পিন্টু ফুকন, ৰাজীৱ বৰা, শান্তনু ফুকন আদি লোক সকল উপস্থিত থাকে৷

Your Comments