নৰেন শৰ্মা,বাহাৰঘাট :
কামৰূপ আৰু নলবাৰী জিলা সংযোগী চৌমুখাঘাটত বৰ্তমান এখন তুলুঙা নাওঁৰে অতি বিপদ সংকুলভাবে যাতায়ত কৰিবলৈ বাধ্য হৈছে স্থানীয় ৰাইজ৷উল্লেখ্য যে বিগত আহাৰ মহীয়া বানত ফেনেফুটুকাৰে বাঢ়ি অহা বৰলীয়া নৈৰ প্ৰবল সোতে ঘাটটোত থকা কাঠৰ দলংখন উটুৱাই লৈ যায়৷ইয়াৰ পিচৰে পৰা অঞ্চলৰ ৰাইজে এনেদৰে তুলুঙা নাওঁৰে যাতায়ত কৰি আছে৷বৰ্তমান গ্ৰীস্ম বন্ধ খোলাৰ পিচত ছাত্ৰছাত্ৰী সকলেও একে ধৰণে নাওৰে অহাযোৱা কৰিব লগা হোৱাত অভিভাৱক সকল শংকিত হৈ পৰিছে৷বৰ্তমান গড়কাপ্তানী বিভাগৰ পৰা ঘাটটোত এখন অস্থায়ী ভাবে বাহৰ শাকো বনাই দিব বুলি প্ৰকাশ কৰা হৈছে যদিও এতিয়ালৈ কাম আৰম্ভ কৰা পৰিলক্ষিত হোৱা নাই। দুৰ্ভাগ্যজনক কথা যে বিগত ২০০৭ ইং চনৰ পৰা আজিলৈকে ঘাটটোত নিৰ্মাণ কৰি থকা পকী দলংখন সম্পূৰ্ণ নহল৷স্থানীয় ৰাইজে পূৰ্বতে একাধিকবাৰ বিভাগ তথা জনপ্ৰতিনিধিক অনুৰোধ কৰিও দলংখনৰ ক্ষেত্ৰত কোনো ইতিবাচক পদক্ষেপ আদায় কৰিব নোৱাৰিলে। বৰ্তমান মংগলদৈ সংসদীয় সমষ্টিৰ নবনিৰ্বাচিত সাংসদ দিলীপ শইকীয়াই বলিষ্ঠ ভূমিকা লৈ দলংখন সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িছে বুলি একাংশ স্থানীয় ৰাইজে এই প্রতিবেদকৰ ওচৰত মত প্ৰকাশ কৰিছে ৷ দলংখনৰ বাবে কষ্ট ভোগ কৰি থকা ৰাইজে অতিশীঘ্ৰে পকী দলংখন সম্পূৰ্ণ কৰাৰ দাবী জনাইছে৷
- Log in to post comments
- 30 views