নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
নগাঁও জিলাৰ বেবেজীয়াৰ আগশাৰীৰ বেচৰকাৰী অনুষ্ঠান "ফ্ৰেণ্ডছ- এ হেল্পিং হেণ্ড"ৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অহা ৪ আগষ্টত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে । এই উপলক্ষে বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিতব্য দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন,বৃক্ষ ৰোপনৰ অন্তত দুটা শাখাত চিত্ৰাংকন আৰু এটা শাখাত অসমীয়া শ্ৰুতলিপি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । চিত্ৰাংকন প্ৰতিযোগিতা 'ক' শাখা শিশু শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ,'খ' শাখা ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণী
আৰু শ্ৰুতলিপি প্ৰতিযোগিতা অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অনুষ্ঠিত হ'ব । উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিবেচিত তিনিজনক মানপত্ৰ আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হ'ব বুলি উদ্যোক্তাসকলৰ হৈ বকুল বৰাই জনাইছে ।
- Log in to post comments
- 28 views