নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ কুঁজীডাহ নিবাসী তথা মৌজাদাৰ বিমল বৰাৰ বৃহস্পতিবাৰে নিশা পৰলোকপ্ৰাপ্তি হয় । ১৯৫৪ চনত জন্মগ্ৰহণ কৰা বৰা হাতীচোং মৌজাৰ মৌজাদাৰ আছিল । তদুপৰি তেওঁ অসম আন্দোলনৰ এজন সক্ৰিয় কৰ্মীৰ লগতে বৃহত্তৰ হাতীচোং অঞ্চলত অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক আছিল । বিমল বৰাই অঞ্চলটোৰ বহুকেইখন অংকীয়া তথা সামাজিক নাটকত সুন্দৰ অভিনয় কৰি দৰ্শকৰ মাজত সমাদৰ লাভ কৰিছিল । বৰাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে বাসগৃহত উপস্থিত হৈ অসম গণ পৰিষদৰ হাতীচোং আঞ্চলিক,হাতীচোং আঞ্চলিক ছাত্ৰ সন্থা,কুজীডাঁহ জুৰীয়া নামঘৰ পৰিচালনা সমিতি,
সামাজিক-সাংস্কৃতিক গোষ্ঠী"হেঁপাহ",কুজীডাঁহ উচ্চতৰ মাধ্যমিক,কুজীডাঁহ মজলীয়া, হাতীচোং তিলক বিদ্যাপীঠ আদি অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।
শুক্ৰবাৰে বৰাৰ নশ্বৰদেহ এখন পুষ্পসজ্জিত বাহনত উঠাই বৃহত্তৰ হাতীচোং অঞ্চল পৰিভ্ৰমণ কৰাৰ অন্তত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । বিমল বৰাৰ আকষ্মিক মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ হাতীচোং অঞ্চলত শোকৰ ছাঁ পেলাইছে । ৬৫বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা বৰাই মৃত্যুৰ সময়ত পত্নীৰ উপৰি জামুগুৰিত কুজীডাঁহ গাঁও পঞ্চায়তৰ সভাপতি কৌস্তভ বৰা আৰু এগৰাকী জীয়ৰীক এৰি থৈ যায় ।
- Log in to post comments
- 37 views