বঙাইগাঁও জিলাতো মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তক) শিক্ষক সন্থাৰ শ্ৰেণী বৰ্জন

bgn

বঙাইগাঁওঃ 

সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক ) শিক্ষক সন্থাই বিভিন্ন দাবীত গ্ৰহণ কৰা আন্দোলনৰ কাৰ্যসূচীৰ অংশ হিচাপে  সমগ্ৰ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে সন্থাৰ অন্তৰ্গত বঙাইগাঁও জিলা মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক ) শিক্ষক সন্থাইও আজিৰে পৰা চাৰিদিনীয়াকৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ উল্লেখ্য যে ২০১৬ চনত চৰকাৰে লোৱা কেবিনেট সিদ্ধান্ত কাৰ্যকৰীকৰণ কৰা, গুৱাহাটী উচ্চ ন্যায়ালয়ত চৰকাৰে জনোৱা পুনৰীক্ষণ আবেদন উঠাই লোৱা আৰু পাঁচ মাহ ধৰি অনাদায় হৈ থকা ন্যূনতম পাৰিতোষিক আদায় দিয়াৰ দাবীত সন্থাৰ কেন্দ্ৰয় সমিতিৰ আহ্বানমৰ্মে জিলা সমিতিসমূহে এই শ্ৰেণী বৰ্জন কাৰ্যসূচী লগতে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ সন্থাই ২, ৩, ৫ আৰু ৬ আগষ্টত চাৰিদিনীয়াকৈ ৰাজ্যজুৰি শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ৭ আগষ্টৰ পুৱা ১১ বজাৰ পৰা দিনৰ ২ বজালৈ প্ৰতিখন জিলাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰাৰ লগতে উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰিব ৷ সেইদৰে অহা ৫ চেপ্তেম্বৰত শিক্ষক দিৱস বৰ্জনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সন্থাই ৷ ইপিনে শ্ৰেণী বৰ্জন কাৰ্যসূচী তথা আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা সন্দৰ্ভত বঙাইগাঁও জিলা মাধ্যমিক অতিৰিক্ত ( ঠিকাভিত্তক) শিক্ষক সন্থাৰ সভাপতি হিৰণ্য বৰুৱা আৰু সম্পাদক সবিন কুমাৰ ৰাভাই এক প্ৰেছ বিবৃতিত কয় যে অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলে ২০১০ চনৰ পৰাই ছাত্ৰ- ছাত্ৰীকলৰ উন্নতিৰ স্বাৰ্থত অতি নিষ্ঠাৰে পাঠদান কৰি অহাৰ লগতে কেতিয়াও এনে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা নাছিল ৷ কিন্তু চৰকাৰে আমাৰ চাকৰিসমূহ নিয়মীয়াকৰণ নকৰাৰ বাবে এনে সিদ্ধান্ত ল'বলৈ বাধ্য কৰাইছে ৷ আনকি চৰকাৰে আমাৰ ওপৰত অন্যায়ভাৱে কৰা শোষণ,বঞ্চনা, প্ৰতাৰণা আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি আমি ছাত্ৰ- ছাত্ৰীসকলক পাঠদান কৰাৰ পৰা আঁতৰি থাকি চাকৰিৰ ভৱিষ্যৎ সুনিশ্চিত কৰিবলৈ আন্দোলনত নামিবলৈ বাধ্য হৈছো বুলিও বিবৃতিটোত উল্লেখ কৰে ৷

Your Comments